চিকিৎসাধীন আৰক্ষী বিষয়া প্ৰকাশ মেধীৰ স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে…

চিকিৎসাধীন আৰক্ষী বিষয়া প্ৰকাশ মেধীৰ স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

শনিবাৰে GMCHত উপস্থিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।

প্ৰথমে নিউ পেয়িঙত থকা আৰক্ষী বিষয়া প্ৰকাশ মেধিৰ (চিৰাংৰ এদিশনেল sp) স্বাস্থ্যৰ বুজ লয়।

image 20
চিকিৎসাধীন আৰক্ষী বিষয়া প্ৰকাশ মেধীৰ স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে... 6

উল্লেখ্য যে, ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা থানাৰ খুংগ্ৰীঙত সংঘটিত হয় আৰক্ষী আৰু দুৰ্বৃত্তৰ মাজত প্ৰচণ্ড গুলীয়াগুলি।

আৰক্ষীৰ অভিযানৰ সময়ত প্ৰথমে গুলীচালনা কৰা দুৰ্বৃত্তৰ দলটোলৈ লক্ষ্য কৰি আৰক্ষীয়েও গুলীবৰ্ষণ কৰাত ২ বন্দুকধাৰী দুৰ্বৃত্ত নিহত হয়।

নিহত দুৰ্বৃত্ত দুজনক প্ৰাক্তন এনএলএফবি সদস্য বুলি ধাৰণা কৰা হৈছে।

Image

ইফালে এই সংঘৰ্ষত চিৰাঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধীও গুৰুতৰভাৱে আহত হয়।

হাতত দুটাকৈ গুলী লগাৰ পিছত আৰক্ষী অধীক্ষক গৰাকীক প্ৰথমে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিল।

Image

ইপিনে শনিবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে পুৰণি বিল্ডিঙত থকা প্ৰাক্তন বিধায়ক বিনোদ গোৱালাৰো (অ গ প) স্বাস্থ্যৰ বুজ লয়।

ইয়াৰ উপৰিও হৃদয় বক্ষ আৰু স্নায়ু বিজ্ঞান কেন্দ্ৰ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে।

Image

মুখ্য মন্ত্ৰীক সংগ দিয়ে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু সাংসদ পল্লব লোচন দাসে।

লগতে চাওকঃ

কৰ্তব্যনিষ্ঠা! ৰাজপথত বাহন ৰখাই এজন গৃহৰক্ষী জোৱানক সম্বৰ্ধনা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ

G2 8
চিকিৎসাধীন আৰক্ষী বিষয়া প্ৰকাশ মেধীৰ স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে... 7

Leave a Comment