অসম

চৰকাৰী কৰ্মচাৰীক এখনো তামোল নুখুৱাব, তেওঁলোকৰ পৰা আপুনিহে তামোল খাওকঃ মুখ্যমন্ত্ৰী…

নিউজ ডেস্ক। পুনৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল স্থিতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

চৰকাৰী কৰ্মচাৰীয়ে উৎকোচ লোৱা সন্দৰ্ভত পুনৰ মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

তেওঁ কয়- চৰকাৰী কৰ্মচাৰীক এখনো তামোল নুখোৱাব৷ বিপৰীতে চৰকাৰী কৰ্মচাৰীৰ পৰা আপুনি তামোল খাওক৷ কিয়নো তেওঁলোকক কামৰ বাবদ ৰাজকোষৰ ধন ব্যয় কৰি দৰমহা প্ৰদান কৰা হয়৷

চৰকাৰী কৰ্মচাৰীয়ে কাম কৰাটো তেওঁলোকৰ দায়িত্ব৷ তাৰ বিনিময়ত কোনো কৰ্মচাৰীয়ে ধন বিচাৰিব, এয়া হ’ব নোৱাৰে বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ।

তেওঁ কয়- ‘কোনোবাই ধন বিচাৰিলে লগে লগে প্ৰশ্ন কৰক৷ কিয় ধন দিব লাগে৷ কিয় ঘোচ দিব লাগে৷ চৰকাৰী চকীত বহি চৰকাৰী কাম কৰাটো তেওঁলোকৰ দায়িত্ব৷

লগতে চাওকঃ

প্ৰতিকূল বতৰৰ মাজতে চাইকেল লৈ চৰকাৰী আঁচনিৰ কাম-কাজ পৰিদৰ্শন এগৰাকী জিলা উপায়ুক্তৰ

G2 23

Leave a Reply

Your email address will not be published. Required fields are marked *