জামিন নাকচঃ বিধায়ক জিগনেছ মেৱানীক তিনিদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ…

গুজৰাটৰ বিধায়ক জিগনেছ মেৱানীৰ জামিন নাকচ।

তিনিদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয় গুজৰাটৰ দলিত নেতা জিগনেছ মেৱানীক।

বিধায়ক মেৱানীক কোকৰাঝাৰ থানাত উপস্থিত কৰোৱাৰ পিছতে আদালতত হাজিৰ কৰোৱা হয়।

জিগনেছ মেৱানীক কোকৰাঝাৰৰ চিজেএম নিকুঞ্জ বড়োৰ আদালতে তিনি দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে৷

উল্লেখ্য যে গুজৰাটৰ কংগ্ৰেছ সমৰ্থিত নিৰ্দলীয় বিধায়ক জনৰ বিৰুদ্ধে অসমত ৰুজু হোৱা গোচৰৰ ভিত্তিত যোৱা নিশা ১১.৩০ বজাত গুজৰাটৰ পালনপুৰ চাৰ্কিট হাউছৰ পৰা কোকৰাঝাৰ আৰক্ষীয়ে মেৱানীক গ্ৰেপ্তাৰ কৰিছিল।

উল্লেখ্য যে, দেশৰ প্ৰধানমন্ত্ৰীক সাঙুৰি ১৮ এপ্ৰিলত বিধায়ক মেৱানীয়ে এটা বিতৰ্কিত টুইট কৰাক কেন্দ্ৰ কৰি কোকৰাঝাৰৰ সদৰ থানাত বিটিচিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেই বিধায়কগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।

ইয়াৰ পিছতে কোকৰাঝাৰৰ উপ আৰক্ষী অধীক্ষক সুৰজিত সিং পানেছৰৰ নেতৃত্বত অসম আৰক্ষীৰ এটা দল গুজৰাটত উপস্থিত হৈ জিগনেছ মেৱানীক আটক কৰি আহমেদাবাদ পৰা গুৱাহাটীলৈ আনে।

তাৰ পিছতে মেৱানীক কোকৰাঝাৰ থানাত উপস্থিত কৰোৱাই পিছত আজি আদালতত হাজিৰ কৰে।

জানিব পৰা মতে কোকৰাঝাৰ আৰক্ষীয়ে বিধায়ক মেৱানীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৫০৪, ৫০৬, ১২০(খ), ১৫৩(ক),২৯৫(ক) কে ধৰি আন কেইবাটাও ধাৰাত গোচৰ পঞ্জীয়ন কৰিছে।

উল্লেখ্য যে, দেশৰ প্ৰধানমন্ত্ৰী মোডীক বিধায়ক গৰাকীয়ে গডছেৰ ভক্ত বুলি ইতিকিংসুচক মন্তব্য প্ৰদান কৰিছিল৷

উল্লেখ্য যে কোকৰাঝাৰ সদৰ থানাত প্ৰায় তিনিঘন্টাজোৰা সোধা-পোছা আৰু অধিবক্তাৰ উপস্থিতিত চিকিৎসকে বিধায়ক গৰাকীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰাৰ অন্তত পুনৰ সন্ধিয়া বিধায়ক মেৱানীক কোকৰাঝাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়৷

Leave a Comment