ৰাষ্ট্ৰীয়

চৰকাৰী কাৰ্যালয়ত হাতত পিষ্টল লৈ তৃণমূল কংগ্ৰেছৰ নেত্ৰী, ভাইৰেল ফটোক লৈ বিতৰ্ক…

চৰকাৰী কাৰ্যালয়ত হাতত পিষ্টল লৈ তৃণমূল কংগ্ৰেছৰ এগৰাকী নেত্ৰী।

পশ্চিমবংগত এগৰাকী তৃণমূল কংগ্ৰেছৰ নেত্ৰীয়ে হাতত পিষ্টল লৈ চৰকাৰী কাৰ্য্যালয়ত বহি থকাৰ ফটো ভাইৰেল হৈ পৰাৰ পাছতে সৃষ্টি হৈছে বিতৰ্কৰ।

তৃণমূল কংগ্ৰেছৰ নেত্ৰী গৰাকীৰ নাম মৃণালীনি মণ্ডল বুলি জানিব পৰা গৈছে।

নেত্ৰী মৃণালীনি মণ্ডল পশ্চিমবংগৰ মালদা পঞ্চালয় সমিতিৰ অধ্যক্ষ।

ইয়াৰোপৰি মণ্ডলে মলদা জিলাৰ মহিলা তৃণমূল কংগ্ৰেছৰ অধ্যক্ষ হিচাপে কাম কৰিছিল।

এই ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে নেত্ৰীগৰাকীৰ বিজেপিয়ে তীক্ষ্ণ সমালোচনা কৰিছে।

তৃণমূল কংগ্ৰেছৰ নেত্ৰীৰ এনে কাৰ্য্যক গৰিহণা দি তৃণমূল কংগ্ৰেছে গোটেই পশ্চিমবংগত আতংকময় পৰিবেশৰ সৃষ্টি কৰি ৰাখিছে বুলি সমালোচনা কৰে বিজেপিয়ে।

আনহাতে চাকৰি যোৱাৰ ভয়ত আৰক্ষীয়েও ব্যৱস্থা গ্ৰহণ নকাৰৰ অভিযোগ তুলিছে বিজেপিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *