অসম

চাৰিদিনৰ মূৰত ধনশিৰি নদীত উপঙি থকা অৱস্থাত উদ্ধাৰ অভিযন্তা ৰক্তিম বৰুৱাৰ মৃতদেহ…

চাৰিদিনৰ মূৰত ধনশিৰি নদীত উপঙি থকা অৱস্থাত উদ্ধাৰ অভিযন্তা ৰক্তিম বৰুৱাৰ মৃতদেহ।

বনভোজ খাবলৈ গৈ নদীৰ বুকুত সন্ধানহীন হৈছিল নুমলীগড় ৰিফাইনেৰীৰ অভিযন্তাজন।

গোলঘাটৰ দচমুৱা হাঁহচৰাৰ ধনশিৰি নদীত উপঙি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয় লোকে।

তাৰ পাছতে পৰিয়ালৰ লোকে ৰক্তিম বৰুৱাৰ মৃতদেহটো চিনাক্ত কৰে। 

যোৱা দেওবাৰে গোলাঘাটৰ থুৰামুখৰ ধনশিৰি পাৰত পৰিয়ালৰ লোকৰ সৈতে বনভোজ খাবলৈ গৈ নদীৰ বুকুত নিখোজ হৈছিল ৰক্তিম বৰুৱা।

যোৱা চাৰিটা দিনৰ পাছত SDRF বাহিনী আৰু NDRF য়ো অব্যাহত ৰাখিছিল উদ্ধাৰ অভিযান।

আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অভিযন্তা গৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

Leave a Reply

Your email address will not be published. Required fields are marked *