
চৰকাৰী কাম-কাজৰ পৰা আঁতৰাই ৰাখক আত্মীয়কঃ পঞ্জাৱ চৰকাৰৰ সকলো মন্ত্ৰীক সকিয়নী মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ
নিউজ ডেস্কঃ ক্ষমতালৈ আহিয়েই দুৰ্নীতি আৰু পৰিয়াল কেন্দ্ৰীক ৰাজনীতিৰ বিৰুদ্ধে কঠোৰ হৈছে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান।
নিবিদাৰ নামত ঠিকাদাৰৰ পৰা উৎকোচ দাবী কৰাৰ অভিযোগত স্বাস্থ্যমন্ত্ৰী বিজয় সিংলাৰ নিলম্বনৰ পিছত এইবাৰ ৰাজ্য চৰকাৰৰ আন আন মন্ত্ৰী-বিধায়ক আৰু চৰকাৰী বিষয়াক সকিয়নী প্ৰদান কৰিছে মুখ্যমন্ত্ৰী মানে।
নিজৰ পুত্ৰ, পত্নী বা আন কোনো আত্মীয়ক কামৰ পৰা আঁতৰাই ৰাখিবলৈ সকিয়নী প্ৰদান কৰিছে মানে। বিভাগীয় কাম-কাজত আত্মীয়ক সামৰি ল’লে বিজয় সিংলাৰ বিৰুদ্ধে কৰাৰ দৰে ষ্টিং অপাৰেশ্যন কৰা হ’ব বুলিও সকিয়াই থৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

এক সূত্ৰৰ খবৰ অনুসৰি মুখ্যমন্ত্ৰী ভগৱন্ত মানে চৰকাৰৰ কেইগৰাকী মন্ত্ৰীয়ে বিভাগীয় কাম কাজত নিজৰ আত্মীয়ক জড়িত কৰাই লেৱাৰ বিষয়ে তথ্য লাভ কৰিছে। খবৰ অনুসৰি মান চৰকাৰৰ এগৰাকী মন্ত্ৰীৰ পত্নী, আন এগৰাকীৰ ভতিজা আৰু পুত্ৰই চৰকাৰী কামত হস্তক্ষেপ কৰি আছে।
এই তথ্য লাভ কৰাৰ পিছতে মুখ্যমন্ত্ৰী ভগৱন্ত মানে মন্ত্ৰী আৰু বিভাগীয় বিষয়াসকলৰ পৰা প্ৰতিক্ৰিয়া গ্ৰহণ কৰে আৰু আত্মীয়ক চৰকাৰী কামৰ পৰা আঁতৰাই ৰাখিবলৈ সকিয়নী প্ৰদান কৰে।

উল্লেখ্য যে, স্বাস্থ্যমন্ত্ৰী ড০ বিজয় সিংলা মন্ত্ৰীসভাৰ পৰা নিলম্বিত আৰু গ্ৰেপ্তাৰ হোৱাৰ মূলতে আছিল তেওঁৰ ভতিজা প্ৰদীপ গোৱেল। সিংলাই তেওঁৰ ভতিজা প্ৰদীপক অ’এছডি হিচাপে নিযুক্ত কৰিছিল।
প্ৰদীপেই ঠিকাদাৰৰ পৰা ১ শতাংশ কমিছন বিচাৰিছিল। এই অভিযোগ লাভ কৰাৰ পিছতে বৰ্খাস্ত কৰা হয় বিজয় সিংলাক। সিংলাৰ লগতে ভতিজা প্ৰদীপকো এই দুৰ্নীতি গোচৰৰ মূল অভিযুক্ত কৰা হৈছে।



