অসমঅসমীয়া

অৰ্দ্ধ-সামৰিক বাহিনীৰ শীৰ্ষ পদত এগৰাকী অসম সন্তান…

নিউজ ডেস্ক। সশস্ত্ৰ সীমা বাহিনী চমুকৈ এছএছবিৰ শীৰ্ষ পদত প্ৰথমগৰাকী অসম সন্তান।

দেশৰ নেপাল আৰু ভূটান সীমান্তৰ নিৰাপত্তাৰ দায়িত্বত থকা এই বাহিনীটােৰ সঞ্চালক প্ৰধান (ডিজি)ৰ পদত ভাৰতীয় প্ৰশাসনিক সেৱাৰ জ্যেষ্ঠ আইপিএছ বিষয়া ডঃ এছ এল থাউছেনক নিযুক্তি প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে।

FUJYXg aQAAPsPg

এছএল থাউচেন, IPS

উল্লেখ্য যে তাহানিৰ উত্তৰ কাছাৰ পাৰ্বত্য জিলা আৰু বৰ্তমানৰ ডিমা হাছাও জিলাৰ পৰা ১৯৮৮ চনত থাউছেনে মধ্য প্ৰদেশৰ আই পি এছ কেডাৰ হিচাপে নিযুক্তি লাভ কৰিছিল।

তেতিয়াৰ পৰাই বিভিন্ন পদত সুখ্যাতিৰে দায়িত্ব পালন কৰি আহিছে থাউছেনে।

FUGklKkUAAAuNeo edited

সম্প্ৰতি সীমান্ত সুৰক্ষা বাহিনীৰ (বি এছ এফ) ৰ বিশেষ সঞ্চালক প্রধান হিচাপে দিল্লী স্থিত মুখ্য কাৰ্যালয়ত কাৰ্যনিৰ্বাহ কৰি আছে থাউছেনে।

FUKYfIQUYAA3C9i

যােৱা ৩১ মে’ত ভাৰত চৰকাৰে বিভাগীয় নিৰ্দেশনাৰ জৰিয়তে এইগৰাকী অসম সন্তানক সশস্ত্র সীমা বল (এছ এছ বি)ৰ নতুন সঞ্চালক প্রধান হিচাপে পদোন্নতি প্ৰদান কৰিছে।

ইয়াৰ পিছতে ১ জুনত তেওঁ আনুষ্ঠানিকভাৱে বাহিনীটােৰ শীৰ্ষ পদৰ দায়িত্বভাৰ চমজি লয়।

থাউছেনক নিযুক্তি দিয়াৰ গৃহ মন্ত্ৰ্যালয়ৰ প্ৰস্তাৱত মন্ত্ৰীসভাৰ নিযুক্তি সমিতিয়ে অনুমোদন জনায়।

FUKYlkHUYAACMjp

উল্লেখযোগ্য যে যোৱা ৩১ ডিচেম্বৰত বৰ্তমানৰ ডি জি কুমাৰ ৰাজেশ চন্দ্ৰই অৱসৰ লোৱাৰ পাছত এছ এছ বিৰ মুৰব্বীগৰাকীৰ পদ খালী হৈ আছিল।

পাহাৰীয়া পিছ পৰা জিলাৰ পৰা এছ এল থাউছেনে দেশৰ সুৰক্ষা বাহিনীৰ শীৰ্ষ স্থানত নিযুক্তি লাভ কৰাত ডিমা হাছাওৰ লগতে উৎফুল্লিত হৈ পৰিছে ৰাজ্যবাসী।

Leave a Reply

Your email address will not be published. Required fields are marked *