চিনেমাৰ কায়দাত চলন্ত বাইকত ৰোমান্স কৰি বিপদত পৰিল প্ৰেমিক যুটি! ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে কৰাৰ হ’ল গ্ৰেপ্তাৰ…

নিউজ ডেস্কঃ ৰোমাণ্টিক হিন্দী চিনেমাৰ কায়্দাত বাইক চলাই চলাই ৰোমান্স কৰি বিপদত পৰিল এহাল যুৱক-যুৱতী।

সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে চলন্ত বাইকত ৰোমান্স কৰা যুৱক-যুৱতীহালক।

এই ঘটনা সংঘটিত হৈছে অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত।

ভাইৰেল ভিডিঅ’টোত এজন যুৱকক বাইক চলাই থকা দেখা গৈছে। বাইকৰ সন্মুখত টেংকিৰ ওপৰত যুৱকজনৰ ফালে মুখ কৰি বহি গৈছে এগৰাকী যুৱতী।

যুৱকজনক সাৱটি চিনেমাৰ কায়দাত বাইকত বহি যোৱা এই যুটিটোৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে সষ্টম হৈ পৰে যান-বাহন আৰক্ষী।

ঘটনাটো বিশাখাপট্টনমৰ ষ্টীল প্লাণ্ট পথৰ বুলি জানিব পৰা গৈছে।

ইফালে এই প্ৰেমিক যুটীটোক অজয় কুমাৰ (২২) আৰু কে শৈলজা (১৯) বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে জনোৱা মতে, দুয়োৰে বিৰুদ্ধে অধীনত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰাৰ লগতে বাইকখন জব্দ কৰা হৈছে।