অসম

ৰাজ্যত পুনৰ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ…

ৰাজ্যত পুনৰ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ।

তিনিচুকীয়াৰ লিডুত নিৰাপত্তাৰক্ষীৰ অভিযানত লুকুৱাই ৰখা অৱস্থাত উদ্ধাৰ হৈছে মাৰণাস্ত্ৰখিনি।

লিডু পাহাৰৰ ৰাংৰিখান বস্তিৰ সমীপৰ ঘন জংঘলত আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ অস্ত্ৰখিনি।

আৰক্ষীৰ অভিযানত এটা এ কিউ-৮১ ৰাইফল, দুটা মেগজিন, ১৩৬ ৰাউণ্ড সক্ৰিয় গুলী, ১৭ টা নাইন এম এম সক্ৰিয় গুলী, পিষ্টলৰ মেগজিন দুটা আৰু ডিটোনেটৰ দুটা আৰক্ষীয়ে উদ্ধাৰ হৈছে।

উজনি অসমৰ ডি আই জি জিৎমল দলে আৰু তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুঞ্জয় কাকতিৰ নেতৃত্বত চলিছিল এই অভিযান।

Leave a Reply

Your email address will not be published. Required fields are marked *