চিকিত্‍সা মহাবিদ্যালয়ত ৰঙা তেজৰ ক’লা বেহা, আৰক্ষীৰ জালত ৩ তেজৰ দালাল…

ৰাজ্যৰ চিকিত্‍সা মহাবিদ্যালয়সমূহত অব্যাহত আছে দালালৰ দপদপনি।

লখিমপুৰ চিকিত্‍সা মহাবিদ্যালয়ত চলিছে ৰঙা তেজৰ ক’লা বেহা।

তিনিটাকৈ তেজৰ দালালক গ্ৰেপ্তাৰ লখিমপুৰ আৰক্ষীৰ।

ধন দিলে পোৱা যায় তেজ বিক্ৰীৰ দালাল।

ধৃত আটকাধীন দালাল কেইটা হৈছে মনোজ চাহু, বিজয় চৰকাৰ আৰু অজিত দাস।

টকাৰ বিনিময়ত তেজ বিক্ৰী কৰিছিল দালাল কেইটাই।

স্বেচ্ছাসেৱী সংগঠন টীম হিউমিনিটীৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে তিনি দালালক।