অসমীয়াঅসম

এশ গৰু মাৰিলে…! নিজকে আৰক্ষী বিষয়া বুলি পৰিচয় ৰীল ভিডিঅ’ৰ জৰিয়তে যুৱতীক জালত পেলাই আহিছিল পংকজে, অৱশেষত গ্ৰেপ্তাৰ ডুপ্লিকেট SI

নিউজ ডেস্কঃ নিজকে আৰক্ষী বিষয়া বুলি পৰিচয় দি ইনষ্টাগ্ৰামত ৰীল ভিডিঅ’ বনাই যুৱতীক প্ৰলোভিত কৰা এজন ভুৱা আৰক্ষী বিষয়া জালত পৰিল প্ৰকৃত আৰক্ষীৰ।

শনিবাৰে তেজপুৰৰ পৰুৱা চাৰিআলিত নিজকে এছআই বুলি চিনাকি দি বাহন চেকিং কৰি কৰ্তব্য পালনৰ অভিনয় কৰিছিল পংকজ হাজৰিকা নামৰ যুৱকজনে।

photo1659858676 1

কিন্তু ভুৱা এছআই জনৰ ওপৰত এগৰাকী ট্ৰেফিক আৰক্ষীৰ সন্দেহ ওপজাত এই সন্দৰ্ভত আৰক্ষী থানাত অৱগত কৰে। তাৰ পিছতে প্ৰকৃত আৰক্ষীয়ে যুৱকজনক সোধাপোছা কৰাত ওলাই পৰে আঁচল স্বৰূপ।

image 60

ইফালে ভুৱা এছআই পংকজ হাজৰিকাই তেওঁৰ ঘৰ ধেমাজিত বুলি স্বীকাৰ কৰিছে সংবাদ মাধ্যমৰ সন্মুখত। আৰক্ষীৰ পোছাক পিন্ধি তেওঁ ইনষ্টাগ্ৰামত ৰীল ভিডিঅ’ বনায় বুলিও স্বীকাৰ কৰিছে।

photo1659858742 1

আনহাতে তেজপুৰ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, নিজকে কেতিয়াবা আৰক্ষী বিষয়া আৰু কেতিয়াবা কমাণ্ডো বুলি চিনাকি তেজপুৰ, ধেমাজি, মঙলদৈ, গুৱাহাটী আদি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধন দাবীৰ দৰে ঘটনা সংঘটিত কৰাৰ অভিযোগ আছে।

শেহতীয়াকৈ ৰঙিয়া ষ্টেছনতো চেকিঙৰ নামত ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছিল এইজন ডুপ্লিকেট আৰক্ষী বিষয়াৰ বিৰুদ্ধে।

photo1659858186 1

যুৱকজনে স্বীকাৰ কৰা মতে, বাণিজ্য শাখাত স্নাতক ডিগ্ৰী গ্ৰহণৰ পিছতে নিজৰ চখ পূৰণৰ বাবে আৰক্ষীৰ পোছাক পৰিধান কৰি আহিছিল তেওঁ।

photo1659858293

অন্যহাতে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এপিজে আব্দুল কালামাৰ সৈতে আৰক্ষীৰ পোছাকত এখন নিজৰ এখন ফটো এডিট কৰি বহুজনক প্ৰৰোচিত কৰাৰো অভিযোগ আছে ভুৱা আৰক্ষী বিষয়া পংকজ হাজৰিকাৰ বিৰুদ্ধে।