অসম

আলফা নেতৃত্বই দেখা মাত্ৰকে গুলীওৱাৰ নিৰ্দেশ দি থোৱা সুৰজিৎ আৰু শ্যামলে কিয় পলায়ন কৰিছিল আলফাৰ শিৱিৰৰ পৰা…

নিউজ ডেস্কঃ অসমীয়া যুৱক-যুৱতীৰ মাজত যিদৰে আলফা স্বাধীনত যোগদানৰ প্ৰৱণতা বৃদ্ধি পাইছে, আলফাৰ প্ৰতি মোহ ভংগ হৈ যুৱক-যুৱতীৰ প্ৰত্যাৱৰ্তনো অব্যাহত আছে।

শেহতীয়াকৈ আলফাৰ শিৱিৰৰ পৰা পলায়ন কৰিবলৈ সক্ষম হোৱা দুজন কেডাৰক অসম-ম্যানমাৰ সীমান্তত আটক কৰিবলৈ সক্ষম হয় ৬নং আছাম ৰাইফলছৰ টহলদাৰী দলে।

syamal suroj

মঙলবাৰে দুয়োজন আলফা কেডাৰক আছাম ৰাইফলছৰ দলে আটক কৰি পৰৱৰ্তী সময়ত খুনচা আৰক্ষীৰ হাতত চমজাই দিয়ে।

দুয়োজন আলফা স্বাধীনৰ কেডাৰৰ পৰিচয় সুৰজিৎ গগৈ আৰু শ্যামল বৰুৱা বৰুৱা বুলি জানিব পৰা গৈছে।

ul

আলফাৰ প্ৰতি মোহভংগ হৈ ম্যানমাৰস্থিত আলফা স্বাধীনৰ শিৱিৰৰ পৰা পলায়ন কৰিছিল দুয়জোন কেডাৰে। তাৰ পিছত দুয়ো সম্পূৰ্ণ ৫ দিন খোজ কাঢ়ি উপস্থিত হয় ম্যানমাৰ সীমান্তত।

উল্লেখ্য যে, আলফা স্বাধীনৰ শিৱিৰৰ পৰা পলায়ন কৰা দুয়োজন কেডাৰক দেখা মাত্ৰকেই গুলীওৱাৰ নিৰ্দেশ দি থৈছে আলফা নেতৃত্বই।

তিনিচুকীয়া জিলাৰ মামৰণি গাঁৱৰ এই দুয়োজন যুৱকে ২০২১ৰ ১৬ ডিচেম্বৰত আলফা স্বাধীনত যোগ দিছিল। কিন্তু যোগদানৰ প্ৰায় ৫ মাহ পিছতে তেওঁলোকে পলায়ন কৰে। আলফা স্বাধীনত কষ্টকৰ জীৱন সহ্য কৰিব নোৱাৰি পলায়ন কৰা বুলি মন্তব্য কৰে যুৱক দুজনে।

Leave a Reply

Your email address will not be published. Required fields are marked *