চাবুৱা থানাৰ গোচৰত দোষমুক্ত হ’ল বিধায়ক অখিল গগৈ…

চাবুৱা থানাৰ গোচৰত দোষমুক্ত হ’ল বিধায়ক অখিল গগৈ।

অখিল গগৈৰ বিৰুদ্ধে কোনো চাৰ্জশ্বিট দিব নোৱাৰিলে আৰক্ষীয়ে।

ডিব্ৰুগড় আদালতে চাবুৱা থানাৰ গোচৰৰ সন্দৰ্ভত দোষমুক্ত কৰি সম্পূৰ্ণৰূপে ৰেহাই দিয়ে অখিল গগৈক।

মঙলবাৰে ডিব্ৰুগড় জিলাৰ চাবুৱা আৰক্ষী থানাৰ ২৯২/১৯ নম্বৰ গোচৰ সন্দৰ্ভত আছিল শুনানি।

কিন্তু আৰক্ষীয়ে কোনো তথ্য প্ৰমাণ দিব নোৱাৰাৰ লগতে চাৰ্জশ্বিটতো নাই অখিলৰ নাম।

ইপিনে ‘কা’ বিৰোধী আন্দোলনৰ সময়ত যিমান সংখ্যক গোচৰ অখিলৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল সকলো ভুৱা বুলি মন্তব্য অখিল গগৈয়ে।

মুঠ ১৪২টা গোচৰ আৰু ইয়াৰ সাক্ষী প্ৰমাণ নোহোৱাৰ বাবে প্ৰায় ৪০টাত দোষমুক্ত হৈছে অখিল গগৈ।

‘কা’ আন্দোলনৰ সময়ত ১৭টা গোচৰ পঞ্জীয়ন হৈছিল অখিল গগৈৰ বিৰুদ্ধে।

Leave a Comment