অসমঅসমীয়া

চানডুবিত বিলুপ্তপ্রায় হলৌ গিবন বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত

নিউজ ডেস্ক। কামৰূপ জিলাৰ পলাশবাৰী আৰু পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ অন্তৰ্গত অসম-মেঘালয়ৰ সীমান্তৱৰ্তী বনাঞ্চল বহু দুষ্প্ৰাপ্য বন্যপ্ৰাণীৰ বসতিস্থল।

জৈৱ বৈচিত্ৰ্যৰ বাবে ইতিমধ্যেই বিশ্ববিখ্যাত হৈ পৰিছে চানডুবি বিলৰ লগতে পাৰ্শ্বৱৰ্তী বনাঞ্চল।

অৱশ্যে দীৰ্ঘ দিনৰে পৰা উক্ত অঞ্চলসমূহত বনদস্যুৱে ব্যাপক হাৰত বন ধ্বংস তথা চােৰাং চিকাৰ অব্যাহত ৰখাৰ ফলতে তীব্ৰ সংকট নামি আহিছে এই দুষ্প্ৰাপ্য বন্যজীৱকুললৈ।

লগতে উক্ত অঞ্চলত বিদ্যুৎ পৰিবাহী তাঁৰৰ বাবেই বনৰীয়া হাতীকে ধৰি বিভিন্ন বন্যপ্ৰাণীৰ মৃত্যু ঘটিছে।

G5 19

শেহতীয়াকৈ লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ অন্তর্গত চানডুবি বিলৰ সমীপৰ কঁঠালগুৰি গাঁৱত বিলুপ্তিপ্রায় হলৌ গিবন এটা বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত হােৱা ঘটনাই প্ৰকৃতিপ্ৰেমীসকলক উদ্বিগ্ন কৰি তুলিছে।

p5 11

জানিব পৰা মতে, এই খবৰ লাভ কৰি স্থানীয় লোকে জন্তুটো প্রথমে উদ্ধাৰ কৰে আৰু পাছত ঘটনাস্থলীত বিভাগীয় কর্তৃপক্ষ তথা বন বিভাগৰ লোক উপস্থিত হৈ চিকিৎসাৰ বাবে সতপুৰ পশু চিকিৎসা কেন্দ্ৰলৈ লৈ যায়।

পশু চিকিৎসকে প্রাথমিক চিকিৎসাৰ অন্তত আহত জন্তুটো ৰাজ্যিক চিৰিয়াখানালৈ প্ৰেৰণ কৰে।

অঞ্চলটোত সংঘটিত এনে ঘটনাত প্রকৃতিপ্রেমী তথা স্থানীয় লোকে বন্যপ্রাণী বিচৰণ কৰা ঠাইবোৰত বিদ্যুৎ বিভাগক কেবলৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়।

লগতে পুনৰ সেই স্থানতে জন্তুটো মুক্ত বিচৰণৰ বাবে এৰি দিয়াৰ আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *