অসম

কাকো সুদাই এৰা নহ’ব, লাগিলে কংগ্ৰেছেই হওক বা AIUDF-য়েই হওকঃ অখিল গগৈ…

কাইলৈ ৰাজ্যত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন।

নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ-AIUDF-ৰ মাজত সৃষ্টি হৈছে মতানৈক্যৰ।

যাকে লৈ বিৰোধী বিধায়কৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

কংগ্ৰেছ-AIUDFৰ মিত্ৰতা প্ৰসংগত এইবাৰ সকীয়নি প্ৰদান কৰিছে অখিল গগৈয়ে।

গগৈয়ে কয়- কাকো সুদাই এৰা নহ’ব, লাগিলে কংগ্ৰেছেই হওক বা AIUDF-য়েই হওক।

তেওঁ কয়- সকলোফালৰ বক্তব্যবোৰ দুৰ্ভাগ্যজনক। আমি সাম্প্ৰদায়িক আৰু ফেচীবাদী বিজেপিক পৰাভূত কৰিব লাগে।

আমি বিৰোধীসকলে এজন প্ৰতিনিধিও দিল্লীলৈ পঠাবো পৰাতো গুৰুত্বপূৰ্ণ কথা বুলি মন্তব্য কৰে অখিলে।

লগতে তেওঁ কয়- আমাৰ মাজত যদি সংঘাত হয়, আমাৰ মাজত যদি ষড়যন্ত্ৰ হয় বা আমাৰ কোনোবাই যদি চৰকাৰী পক্ষ গ্ৰহণ কৰিব খোজে, তেতিয়া তেওঁ ক্ষমা কৰা নহ’ব। অসমৰ ৰাইজেও ক্ষমা কৰা উচিত নহয়।

যিয়ে গন্দোগোল কৰে, তেওঁক ৰাজহুৱাভাৱে জবাবদিহি কৰিবলৈ সকলোৱে সাজু থাকক।

অখিল গগৈয়ে কয়- আমি কাইলৈৰ দিনটোলৈ বাট চাই আছো। কংগ্ৰেছে যদি গন্দোগোল কৰে কংগ্ৰেছক ধৰা হ’ব আৰু AIUDF-য়ে গন্দোগোল কৰিলে AIUDFক ধৰা হ’ব। কাকো সুদাই এৰা নহ’ব। বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীক আমি ভোট দিম বুলি সিদ্ধান্ত লৈছো, ভোট দিব লাগিব।

লগতে টকা খাই গন্দোগোল কৰি কোনেও যাতে বেলেগ পক্ষ নহয় তাৰ বাবে আমি সকীয়াই দিছো বুলি মন্তব্য কৰে অখিল গগৈয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *