চাঞ্চল্যকৰ! ৩০ জন ছাত্ৰ-ছাত্ৰীৰ টীকাকৰণৰ বাবে ব্যৱহাৰ কৰা হ’ল মাত্ৰ এটা চিৰিঞ্জ, ঘটনা পোহৰলৈ অহাৰ পিছতে পলাতক স্বাস্থ্যকৰ্মী

নিউজ ডেস্কঃ মাত্ৰ এটা চিৰিঞ্জ ব্যৱহাৰ কৰিয়েই এখন বিদ্যালয়ৰ ৩০ জনকৈ শিক্ষাৰ্থীক টীকাকৰণ কৰা কাৰ্যই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। জীৱন বিপদাপন্ন কৰা এনে ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ সাগৰ জিলাত।

এটা চিৰিঞ্জ ব্যৱহাৰ কৰা ৩০ জনকৈ শিক্ষাৰ্থীৰ টীকাকৰণ কৰা ঘটনা পোহৰলৈ অহাৰ পিছতে ক্ষুব্ধ হৈ পৰিছে অভিভাৱক সকল। ক্ষুব্ধ লোকে টীকাকৰণ কাৰী জীতেন্দ্ৰ নামৰ স্বাস্থ্যকৰ্মীজনক ঘেৰাও কৰি জবাবদিহী কৰাৰ লগতে টীকাকৰণৰ নামত অৱহেলা আৰু শিশুৰ জীৱন বিপদাপন্ন কৰাৰ অভিযোগ তোলে।

অৱশ্যে জীতেন্দ্ৰই দাবী কৰা মতে, তেওঁক মাত্ৰ চিৰিঞ্জহে প্ৰদান কৰা হৈছিল টীকাকৰণৰ বাবে। এই ক্ষেত্ৰত তেওঁ আপত্তি দৰ্শাইছিল যদিও বিভাগে কোনো ধৰণৰ গুৰুত্ব নিদিয়াত উপায়ন্তৰ হৈ তেওঁ সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে এটা চিৰিঞ্জ ব্যৱহাৰ কৰিবলগীয়া হয়।

photo1659000657
চাঞ্চল্যকৰ! ৩০ জন ছাত্ৰ-ছাত্ৰীৰ টীকাকৰণৰ বাবে ব্যৱহাৰ কৰা হ’ল মাত্ৰ এটা চিৰিঞ্জ, ঘটনা পোহৰলৈ অহাৰ পিছতে পলাতক স্বাস্থ্যকৰ্মী 3

অইনহাতে স্বাস্থ্যকৰ্মী জীতেন্দ্ৰৰ এই ভাষ্যৰ পিছতে ভেকছিন আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী প্ৰেৰণৰ দায়িত্বত থকা জিলা টিকাকৰণ বিষয়া ড০ ৰাকেশ ৰোশনৰ বিৰুদ্ধেও বিভাগীয় তদন্ত আৰম্ভ কৰা হৈছে।

সংগ্ৰাহকৰ ভাৰপ্ৰাপ্ত বিষয়া ক্ষিতিজ সিংঘালে তাৎক্ষণিকভাৱে মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়াক ঘটনাৰ বুজ ল’বলৈ নিৰ্দেশ প্ৰদান কৰিছে। অৱশ্যে স্বাস্থ্য বিষয়াৰ পৰিদৰ্শন কালত টীকাকৰণকাৰী জীতেন্দ্ৰ পলাতক হৈ থকা বুলি অভিযোগ উঠিছে।

উল্লেখযোগ্য যে, এইছআইভি সংক্ৰমণ প্ৰতিৰোধ কৰিবৰ বাবে একক ব্যৱহাৰৰ বাবে নিৰ্ধাৰিত ডিচপোজেবল চিৰিঞ্জৰ প্ৰচলন ১৯৯০ চনৰ পৰা আৰম্ভ কৰা হৈছিল।

photo1659000712
চাঞ্চল্যকৰ! ৩০ জন ছাত্ৰ-ছাত্ৰীৰ টীকাকৰণৰ বাবে ব্যৱহাৰ কৰা হ’ল মাত্ৰ এটা চিৰিঞ্জ, ঘটনা পোহৰলৈ অহাৰ পিছতে পলাতক স্বাস্থ্যকৰ্মী 4

২০২১ চনৰ জানুৱাৰীত ভাৰতত কোভিড-১৯ টিকাকৰণ আৰম্ভ হোৱাৰ এমাহ আগতে, কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এক কঠোৰ “এটা বেজী, এটা চিৰিঞ্জ, মাত্ৰ এবাৰ” প্ৰট’কলৰ প্ৰতিশ্ৰুতি দিছিল। বিশ্ব স্বাস্থ্য সংস্থা আৰু ইউনিচেফকে ধৰি আন্তৰ্জাতিক সংস্থাসমূহেও একে ধৰণৰ প্ৰটোকলৰ পৰামৰ্শ দিছে।

তেনে পৰিপ্ৰেক্ষিততো এখন বিদ্যালয়ৰ ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ টীকাকৰণ নামত মাত্ৰ এটা চিৰিঞ্জ ব্যৱহাৰ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। লগতে ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা স্বাস্থ্য বিভাগৰ হেমাহিও পোহৰলৈ আনিছে এই ঘটনাই।