ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা জেহাদী কাৰ্যকালাপেৰে জড়িতৰ সন্দেহত ৭ জনক আটক আৰক্ষীৰ…

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা জেহাদী কাৰ্যকালাপেৰে জড়িতৰ সন্দেহত ৮ জনক আটক আৰক্ষীৰ।

বৰপেটাৰ জনীয়াৰ পৰা ৫ জন, সৰুক্ষেত্ৰীৰ পৰা এজন আৰু হাতীগাঁৱৰ পৰা এজনক গ্ৰেপ্তাৰ।

আটক কৰা হৈছে ক্ৰমে, মইনুল হক, আমিদুল ইছলাম , ৰফিকুল ইছলাম, ছাহজাহান আলী, কাজিবুৰ হুছেইন, জুবেৰ খান আৰু শ্বাহানুৰ আলম।

আটক কৰা আটাইকেইজন ‘আনছাৰুল বাংলা টিম’ৰ সৈতে জড়িত বুলি সন্দেহ কৰা হৈছে ৷

লক্ষণীয় ভাৱে গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ হোৱা শ্বাহানুৰ আলীৰ আন তিনি সহযোগিকো আটক কৰিছে আৰক্ষীয়ে।

আটকাধীন তিনিও ক্ৰমে, মৰোগ্ৰ আলী, ছিদ্দিক আলী আৰু আছমত আলী৷

আটকাধিন তিনিওজন, জেহাদীৰ সৈতে জড়িত হয় নে নহয় এতিয়াও নিশ্চিত হোৱা নাই৷

শ্বাহানুৰৰ সৈতে সম্পৰ্ক থকা বাবেই তিনিওজনকে আটক কৰিছে আৰক্ষীয়ে৷

হাতীগাঁৱৰ সিজুবাৰীৰ খানকাহৰ পৰা আটক হৈছে তিনিওজন৷

বৰপেটা আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে আটাইকেইজনকে।

ইতিমধ্যে হাতীগাঁৱৰ পৰা চাৰিওজনকে বৰপেটালৈ লৈ গৈছে বৰপেটা আৰক্ষীয়ে।