তিনিদিনত মহানগৰীৰ তিনিখন থানাৰ পৰা পলাল তিনি আচামী।
হাতীগাঁৱৰ থানাৰ পৰা পলাল ট্ৰাক চুৰি গোচৰত অভিযুক্ত।
দিছপুৰ থানাৰ পৰা পলাল মাকন কাকতি নামৰ এগৰাকী মহিলা।
ছয়মাইলৰ এটা মাৰপিটৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল মহিলা গৰাকী।
স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসাললৈ নিয়াৰ সময়ত আৰক্ষীৰ চকুত ধুলি দি পলাল মহিলাগৰাকী।
শণিবাৰে পুৱা চানমাৰী থানাৰ পৰা পলাল ড্ৰাগছৰ গোচৰত অভিযুক্ত জনি আলী।
পূৰ্বেও নুনমাটি এটা হত্যাকাণ্ডৰে জড়িত আছিল জনি আলী।
পুৱা ৯.৩০ বজাত লক-আপৰ ভিতৰত বেমাৰৰ ভাও জুৰিছিল জনীয়ে।
লক-আপৰ বাহিৰৰ বেঞ্চত আৰক্ষীয়ে বহিবলৈ দিয়া জনীয়ে চানমাৰী আৰক্ষীৰ চকুত ধূলি পলায়ণ কৰে।









