অসম

চাঞ্চল্যকৰ! পুনৰ গুৱাহাটী মহানগৰীত উদ্ধাৰ মৃতদেহ…

অপৰাধৰ ৰম্যভূমিত যেন পৰিণত হৈছে গুৱাহাটী মহানগৰী।

পুনৰ গুৱাহাটী মহানগৰীত উদ্ধাৰ হৈছে মৃতদেহ।

এইবাৰ মালিগাঁৱৰ বি জি কষ্ট্ৰাকশ্যনৰ কাৰ্য্যালয়ৰ হাবি-জংঘলৰ মাজত উদ্ধাৰ হৈছে মৃতদেহ।

উদ্ধাৰ হোৱা মৃতদেহটো আফাজ আলি চৌধুৰী নামৰ এজন ব্যক্তিৰ বুলি জানিব পৰা গৈছে।

উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ নিৰ্মাণ মহাপ্ৰৱন্ধকৰ কাৰ্যালয়ৰ তলত ৰহস্যজনকভাৱে উদ্ধাৰ কাৰ্যালয়টোৰ কৰ্মচাৰী আফাজ আলী চৌধুৰীৰ মৃতদেহ।

ইতিমধ্যে ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

আৰক্ষীয়ে ব্যক্তিজনৰ মৃতদেহৰ কাষৰ পৰা উদ্ধাৰ কৰিছে মোবাইল ফোন, মানিবেগ আৰু চছমা।

পৰিয়ালৰ লোকে জনোৱা মতে, মঙলবাৰে কাৰ্যালয়লৈ আহিছিল যদিও নিশা ঘৰলৈ উভতি যোৱা নাছিল আফাজ আলী চৌধুৰী।

এই সন্দৰ্ভত পৰিয়ালৰ লোকে নিশাই জালুকবাৰী আৰক্ষী থানাত দাখিল কৰিছিল এখন এজাহাৰ।

উল্লেখ্য যে, আফাজ আলীৰ মুখমণ্ডলত আঘাতৰ চিন স্পষ্ট।

মৃত আফাজ আলি চৌধুৰীৰ ঘৰ চাংসাৰিত বুলি জানিব পৰা গৈছে।

জালুকবাৰী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত বৰ্তমানে আৰম্ভ কৰিছে তদন্ত।

Leave a Reply

Your email address will not be published. Required fields are marked *