অসম

ৰাজ্যত ভেকচিন নোলোৱা লোকৰ মৃত্যুৰ সংখ্যা অধিক, GMCHৰ সমীক্ষাত উদ্বেগজনক তথ্য…

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালে চলোৱা এক সমীক্ষাত পোহৰলৈ আহিছে এক উদ্বেগজনক তথ্য।

অসমত ক’ভিড ভেকচিন নোলোৱা লোকৰ মৃত্যুৰ সংখ্যা বেছি।

GMCHৰ আই চি ইউত চলোৱা তিনিমহীয়া সমীক্ষাত এই তথ্য পোহৰলৈ অহা বুলি অধ্যক্ষ ডাঃ অভিজিৎ শৰ্মাই সদৰি্ কৰে।

উল্লেখ্য যে মঙলবাৰে ৰাজ্যখনত তিনিজন লোকে ক’ভিডত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে।

ইয়াৰে দুজন কামৰূপ মহানগৰ আৰু এগৰাকী শিৱসাগৰ জিলাৰ।

ৰাজ্যখনত এই পৰ্যন্ত ক’ভিডৰ ফলত ৬,০৩৪ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। মৃত্যুৰ হাৰ হৈছে ০.৯৮ শতাংশ।

ইফালে অসমত মঙলবাৰৰ দিনটোলৈ ২,৯৩,৬৬,৬৩৭ গৰাকী লোকক ক’ভিড ভেকচিন প্ৰদান কৰা হৈছে।

ইয়াৰে ২,০৩,৪০,৮২৩ গৰাকীয়ে ক’ভিডৰ প্ৰথম ড’জ আৰু ৯০,২৫,৮১৪ গৰাকী ভেকচিনৰ দুয়োটা ড’জ গ্ৰহণ কৰিছে।

ইফালে APDCLৰ মহাপ্ৰবন্ধকে কিডনীৰ নামত চাকৰিৰ প্ৰলোভন দিয়া সংক্ৰান্তত মন্তব্য GMCHৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাৰ।

তেওঁ কয়- এটা প্ৰক্ৰিয়াৰ মাজেৰে কিডনী সংৰোপণ কৰা হয়৷ চাকৰি প্ৰদানৰ নামত কিডনী দিয়াটো দুৰ্ভাগ্যজনক৷ ইয়াৰ লগত জড়িত ব্যক্তিয়ে উচিত শাস্তি পাব লাগে৷ কিডনী দান কৰা ব্যক্তিৰ পৰা NOC সংগ্ৰহ কৰা হয়৷ ৰাজহ চক্ৰ বিষয়া আৰু লাট মন্দলে প্ৰতিবেদন দিয়াৰ পাছতহে কিডনী দান কৰিব পাৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *