জটিল ৰোগত আক্ৰান্ত হৈ অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে ৰিতুমণি হাজৰিকাই…

দীৰ্ঘদিনে জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ৰিতুমণি হাজৰিকাই অৱশেষত হাৰ মানিলে নি.তিৰ ওচৰত।

শিৱসাগৰৰ হাঁহচৰাৰ  অতি  দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মেধা সম্পন্ন যুৱতী ৰিতুমণি বিগত চাৰিমাহ অচিন জটিল ৰোগত আক্ৰান্ত হৈ আছিল।

97

বোকানগৰ মৈৰামৰা সন্দিকৈ গাঁৱৰ লখিমী হাজৰিকা আৰু পিতৃ ৰঞ্জিত হাজৰিকাৰ একমাত্ৰ কন্যা সন্তান  ৰিতুমণি হাজৰিকা।

দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ দৰিদ্ৰ পৰিয়ালটি ধনৰ অভাৱত চিকিৎসা কৰিব নোৱাৰাত বিছনাতে পৰি ৰৈছিল ৰিতুমণি।

ইয়াৰ পিছতেই দৰিদ্ৰ পৰিয়ালটিৰ কাষত সাংসদ তপন কুমাৰ গগৈ উপস্থিত হৈ ডিব্ৰুগড়ৰ ব্ৰক্ষপুত্ৰ নাচিং হোমলৈ চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল।

চেন্নাইৰ এপ’ল হাস্পতালত চিকিৎসাৰ ব্যৱস্থা কৰিছিল সাংসদ গৰাকীয়ে।

ৰাইজেও দান বৰঙণি সংগ্ৰহ কৰি ৰিতুমণিৰ চিকিৎসাৰ বাবে কৰিছিল সহায়। 

চিকিৎসাৰ মাজতে ৰিতুমণিয়ে খোজ কাঢ়িবলৈও লোৱা, নিজেই কাপোৰ পিন্ধিব পৰা অৱস্থালৈ আহিছিল যদিও নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি নিলে ৰিতুমনিক।

সকলোৰে চেষ্টা, আশা নিৰ্বাপিত কৰি নিয়তিয়ে বুধবাৰে কাঢ়ি নিয়ে ৰিতুমণি হাজৰিকাক।

লগতে চাওকঃ ক’ভিডত আক্ৰান্ত হৈ মানৱ দৰদী মহিলা চিকিৎসকৰ মৃত্যু

G2

Leave a Comment