অসমীয়াঅসম

চাঞ্চল্যকৰ! পথ দাঁতিত উদ্ধাৰ প্ৰেয়সীৰ মৃতদেহ, গ্ৰেপ্তাৰ তেজপুৰস্থিত সেনাৰ চতুৰ্থ ক’ৰৰ বিষয়া কৰ্ণেল অমৰিন্দৰ সিং ৱালিয়াক…

নিউজ ডেস্কঃ প্ৰেমিকাক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ এগৰাকী সেনা বিষয়া।

চাংসাৰি আৰক্ষীৰ সহযোগত তেজপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সেনা বিষয়াগৰাকীক।

ধৃত সেনা বিষয়াগৰাকীৰ নাম কৰ্ণেল অমৰেন্দৰ সিং ৱালিয়া।

সেনাৰ তেজপুৰস্থিত চতুৰ্থ ক’ৰৰ জনসম্পৰ্কৰক্ষী বিষয়া আছিল ৱালিয়া।

উল্লেখ্য যে, ১৬ ফেব্ৰুৱাৰীত চাংসাৰিত ঘাইপথৰ দাঁতিত উদ্ধাৰ হৈছিল এগৰাকী মহিলাৰ মৃতদেহ।

আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ অহা তথ্য অনুসৰি মৃত মহিলাগৰাকী আছিল সেনা বিষয়া কৰ্ণেল অমৰেন্দৰ সিং ৱালিয়াৰ প্ৰেয়সী।

এই হত্যাকাণ্ডৰ গোচৰতে গ্ৰেপ্তাৰ কৰা হৈছে সেনা বিষয়াগৰাকীক।

বৰ্তমান আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে অভিযুক্ত সেনা বিষয়াগৰাকীক।