অৰুণাচলৰ অৰণ্যত চোৰাং চিকাৰ কৰা দুষ্প্ৰাপ্য ৰয়েল বেংগল বাঘৰ অংগ অসমৰ মাজেৰে সৰবৰাহ! শদিয়াত আটক চোৰাং ব্যৱসায়ী…

নিউজ ডেস্কঃ অৰুণাচলৰ অৰণ্যত হত্যা কৰা দুষ্প্ৰাপ্য ৰয়েল বেংগল বাঘৰ সৰবৰাহৰ অভিযোগত শদিয়াত আটক এজন চোৰাং ব্যৱসায়ীক।

শদিয়া বন বিভাগৰ এটা দলে গোপন খবৰৰ ভিত্তিত অভিযান চলাই ভূপেন হাজৰিকা সেতুৰ সমীপৰ এখন হোটেলৰ পৰা আটক কৰে চোৰাং ব্যৱসায়ীজনক।

ইফালে এই অভিযানৰ সময়ত আন এজন অভিযুক্তই পলায়ন কৰিবলৈ সক্ষম হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ধৃত ব্যৱসায়ীজনক নগাঁৱৰ জাকিৰ হুছেইন বুলি জানিব পৰা গৈছে।

বন বিভাগে চোৰাং ব্যৱসায়ীজনৰ পৰা ৰয়েল বেংগল বাঘৰ ছাল, দাঁত, সাৰ আৰু লাওখোলা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

জানিব পৰা মতে, কিছুদিন পূৰ্বে অৰুণাচলৰ অৰণ্যত এটা দুষ্প্ৰাপ্য ৰয়েল বেংগল বাঘ হত্যা কৰিছিল।

ইয়াৰ পিছতে চোৰাং ব্যৱসায়ীয়ে অসমৰ মাজেদি বাঘৰ অংগ সৰবৰাহ কৰাৰ বিষয়ে গোপন সূত্ৰৰ জৰিয়তে আগতীয়া খবৰ লাভ কৰিছিল বন বিভাগে।

যাৰ বাবে শদিয়াৰ বন বিভাগ পূৰ্বৰে পৰাই সষ্টম হৈ আছিল।

ইফালে শুকুৰবাৰে বিয়লি শদিয়া বন সংমণ্ডলৰ আঞ্চলিক বন বিষয়া ক্ষীৰোদ শইকীয়াই ৱাইল্ড লাইফ অপৰাধ নিয়ন্ত্ৰক ব্যুৰ’ৰ এটা দলৰ সৈতে অভিযান চলাই ডঃ ভূপেন হাজৰিকা সেতুৰ সমীপৰ এখন হোটেলৰ পৰা চোৰাং ব্যৱসায়ীজনক আটক কৰিবলৈ সক্ষম হয়।