অসম

চাঞ্চল‍্যকৰ ডকাইতি কাণ্ডঃ মহিন্দ্ৰা ডিলাৰৰ নিৰাপত্তাৰক্ষীক হাত ভৰি বান্ধি লৈ গ’ল ৭ খনকৈ বলেৰ’ পিক আপ…

তেজপুৰত চাঞ্চল‍্যকৰ ডকাইতি কাণ্ড।

মহিন্দ্ৰা ডিলাৰৰ নিৰাপত্তাৰক্ষীক হাত ভৰি বান্ধি লৈ গ’ল ৭ খনকৈ বলেৰ’ পিক আপ।

তেজপুৰৰ ডেকাৰগাঁৱত অৱস্থিত মহিন্দ্ৰা ডিলাৰত সংঘটিত হৈছে এই ডকাইতি কাণ্ড।

ডিলাৰৰ গুডামৰ পৰা ১২ জনীয়া ডকাইতৰ এটা দলে সাতখনকৈ নতুন বলেৰ’ পিকআপ ভান লৈ উধাও হয়।

image 19

নিশা নিৰাপত্তাৰ দায়িত্বত থকা ছিকিউৰিটি গাৰ্ড দুজনক হাত ভৰি বান্ধি ডকাইতৰ দলটোৱে এই কাণ্ড সংঘটিত কৰে।

জানিব পৰা মতে, ডিলাৰটোত মুঠ ১০৯ খন গাড়ীৰ আছিল।

অৱশ্যে ডকাইতৰ দলটোৱে লৈ যোৱা ৭ খন বলেৰ’ৰ এখন চুলুঙৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ কৰা হয়।

এই ডকাইতিকাণ্ডৰ ফলত ডিলাৰটোৰ প্ৰায় 75 লাখ টকাৰ ক্ষতি হয় বুলি জানিব পৰা গৈছে।

সম্প্ৰতি আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *