অসম

কোনো কাৰণতে নাবাঢ়ে বাছৰ ভাড়া, ভাড়া বঢ়ালেই বাতিল হ’ব বাহনৰ অনুজ্ঞাপত্ৰঃ চন্দ্ৰমোহন পাটোৱাৰী…

কোনো কাৰণতে বাছ ভাড়া বৃদ্ধি কৰিব নোৱাৰিব সদৌ অসম মটৰ পৰিবহন সন্থাই।

বাছৰ ভাড়া বঢ়ালেই বাতিল কৰা হ’ব বাহনৰ অনুজ্ঞাপত্ৰ।

সদৌ অসম মটৰ পৰিবহন সন্থাক এই সকীয়নি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ।

মন্ত্ৰীগৰাকীয়ে কয়- ‘এইটো উচিত সময় নহয়। যদি কৰবাত কোনোৱে ভাড়া বেছিকৈ লয় পৰিবহন বিভাগক অভিযোগ দিলেই বাতিল হব বাহনৰ অনুজ্ঞাপত্ৰ।’

তেওঁ কয়- ‘মই পূৰ্বেও কৈছো, এতিয়াও কম- ভাড়া নাবাঢ়ে। এইটো অদ্ভুদ সূত্ৰ, কৰ পৰা কোনে কেনেকৈ ৭০% বৃদ্ধি কৰিব পাৰিব? মুঠতে ভাড়া নাবাঢ়ে।’

উল্লেখ্য যে, পেট্ৰ’ল-ডিজেলৰ অভাৱনীয় দাম বৃদ্ধিৰ পিছত ৰাজ্যত যাত্ৰীবাহী বাছৰ ভাড়া ৭০ শতাংশ বৃদ্ধি কৰাৰ প্ৰস্তাৱ মটৰ পৰিবহন সন্থাই প্ৰদান কৰে ৰাজ্যিক পৰিবহণ আয়ুক্তক।

সদৌ অসম মটৰ পৰিবহন সন্থাৰ সচিব প্ৰদীপ দাসে প্ৰকাশ কৰা মতে, পেট্ৰ’লজাতীয় সামগ্ৰীৰ অধিক মূল্যৰ ফলশ্ৰুতিত এতিয়া বাছভাড়া বৃদ্ধি কৰিবলগা পৰিস্থিতিৰ সৃষ্টি হৈছে।

উল্লেখ্য যে, পৰিবহণ সন্থাৰ এই প্ৰস্তাৱ কাৰ্যকৰী হ’লে মহানগৰীত চিটিবাছত উঠা মাত্ৰকেই যাত্ৰীয়ে প্ৰদান কৰিব লাগিব ১৭ টকা।

Leave a Reply

Your email address will not be published. Required fields are marked *