অসম

চাঞ্চল্যকৰ ডকাইতি কাণ্ডঃ মহিলা পেঞ্চনাৰৰ পৰা দুৰ্বৃত্তই লুটি নিলে ৩ লাখ টকা…

ৰাজ্যত পুনৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ড।

মহিলা পেঞ্চনাৰৰ পৰা দুৰ্বৃত্তই লুটি নিলে ৩ লাখ টকা।

বুধবাৰে চিৰাং জিলাৰ বিজনীৰ উপ ডাকঘৰৰ সন্মুখত দিন দুপৰতে সংঘটিত হৈছে এই ডকাইতি কাণ্ড।

এগৰাকী পেঞ্চনভোগী মহিলাৰ পৰা দুৰ্বৃত্তই লুট কৰি লৈ যায় প্ৰায় ৩ লাখ টকা।

বিজনী চহৰৰ ২ নং ৱাৰ্ডৰ বৰতলা কালীবাৰীৰ বাসিন্দা মিনু কামসেনা নামৰ এগৰাকী পেঞ্চনাৰ মহিলাৰ পৰা অচিনাক্ত দুৰ্বিত্তই এই টকা খিনি লুট কৰি নিয়ে।

মহিলাগৰাকীয়ে ইউক’ বেংকৰ পৰা টকা খিনি উলিয়াই ডাকঘৰত জমা কৰাৰ উদ্দেশ্যে স্কুটিৰ কন্টেইনাৰ ৰাখিছিল।

ডাকঘৰৰ সন্মুখত স্কুটিখন ৰখাই পুত্ৰসহ ডাকঘৰৰ ভিতৰত সোমাই যোৱা মহিলাগৰাকীয়ে ওলাই আহি স্কুটিৰ কন্টেইনাৰটো ভঙা অৱস্থাত প্ৰত‍্যক্ষ কৰে আৰু টকা খিনি লুট কৰি নিয়াৰ কথা নিশ্চিত হয়।

এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল‍্যৰ সৃষ্টি কৰিছে।

সামগ্ৰিক ভাৱে বৃদ্ধি পাই অহা এনে অপৰাধজনিত ঘটনাই সকলোকে আকৌ এবাৰ ভবাই তুলিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *