বিহুৰ মাজতে আৰক্ষীৰ বৃহৎ সফলতাঃ ৪২ কোটি টকাৰ ড্ৰাগছ জব্দ, আটক ৩ সৰবৰাহকাৰী…

বিহুৰ মাজতে আৰক্ষীৰ বৃহৎ সফলতা।

বৃহস্পতিবাৰে ড্ৰাগছৰ বিৰুদ্ধে কামৰূপ আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰাৰ লগতে তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে।

৪২ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে কামৰূপ আৰক্ষীয়ে।

অসম মণিপুৰ জিৰিঘাট অঞ্চলৰ পৰা জব্দ কৰা হৈছে ড্রাগছখিনি।

আৰক্ষীয়ে আধা কেজি হেৰ’ইনসহ ডেৰ লাখ য়াবা টেবলেট জব্দ কৰিছে।

Assam police seized heroin and 1.5 lakh Yaba tablets; Two held

লগতে আৰক্ষীৰ অভিযানত জব্দ MN-07-3594 নম্বৰৰ এখন ট্রাকো।

আটক মণিপুৰৰ ফেৰো খান, ইলিয়াছ খান, কোছবিহাৰৰ চাদ্দাম নামৰ তিনি সৰবৰাহকাৰী।

মহানগৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত চলিছিল এই অভিযান।

Leave a Comment