চাঞ্চল্যকৰ! জুৱা খেল বন্ধ কৰিবলৈ যোৱা আৰক্ষীৰ ওপৰতে আক্ৰমণ জুৱাৰীৰ, ৫ জোৱান আহত…

নিউজ ডেস্কঃ বোকাখাতৰ ডিফলুত চাঞ্চল্যকৰ কাণ্ড।

জুৱা খেল বন্ধ কৰিবলৈ যোৱা আৰক্ষীৰ ওপৰত আকস্মিক আক্ৰমণ।

জুৱাৰীয়ে ভাঙি চূৰমাৰ কৰিলে আৰক্ষীৰ বাহনো।

জুৱাৰীৰ আক্ৰমণত আহত ৫ জনকৈ আৰক্ষী জোৱান।

জানিব পৰা মতে, ডিফলুত দীৰ্ঘদিন ধৰি চলি আহিছে অবৈধ জুৱাৰ বেহা।

এই বিষয়ে খবৰ লাভ কৰি সোমবাৰে জুৱা খেল বন্ধ কৰিবলৈ গৈছিল আৰক্ষীৰ এটা দল।

কিন্তু আৰক্ষীৰ দলটো ঘটনাস্থলীত উপস্থিত লগে লগেই আকস্মিকভাৱে আৰক্ষীৰ ওপৰত আক্ৰমণ আৰম্ভ কৰে জুৱাৰীৰ এটা দলে।

এই ঘটনাত ৫ জন আৰক্ষীৰ জোৱান আঘাতপ্ৰাপ্ত হোৱাৰ লগতে আৰক্ষীৰ বাহনো ক্ষতিগ্ৰস্ত হয়।

অন্যহাতে এই ঘটনা সন্দৰ্ভত দুজনক আটক কৰিছে আৰক্ষীয়ে।

বাকী অভিযুক্তক আটক কৰিবলৈ অভিযান চলাই থকা হৈছে।