এই ছবিত পৰিস্ফূট হৈছে আপোনাৰ জীৱন! ভাগিন ৰাইহানে কেমেৰাত আৱদ্ধ কৰা বাঘৰ ছবি কামাল হাছানক উপহাৰ ৰাহুল গান্ধীৰ…

নিউজ ডেস্কঃ ভাৰত জোড়ো যাত্ৰাৰ মাজতে অভিনেতা তথা ৰাজনীতিবিদ কামাল হাছানৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত মিলিত হ’ল কংগ্ৰেছ নেতা ৰাহুল গান্ধী।

এই সাক্ষাতকাৰতে কামাল হাছানক এখন বিশেষ পট্ৰেইট উপহাৰ হিচাপে প্ৰদান কৰিলে ৰাহুল গান্ধীয়ে।

এটা বাঘে পানী খাই থকাৰ এই অনন্য চিত্ৰখন কামাল হাছানক প্ৰদান কৰে ৰাহুল গান্ধীয়ে।

image 9
এই ছবিত পৰিস্ফূট হৈছে আপোনাৰ জীৱন! ভাগিন ৰাইহানে কেমেৰাত আৱদ্ধ কৰা বাঘৰ ছবি কামাল হাছানক উপহাৰ ৰাহুল গান্ধীৰ… 3

ৰাহুল গান্ধীয়ে জানিবলৈ দিয়া মতে, এই ছবিখন কেমেৰাত আৱদ্ধ কৰিছিল তেওঁৰ ভাগিন তথা প্ৰিয়ংকা গান্ধী আৰু ৰবাৰ্ট বাদ্ৰাৰ পুত্ৰ ৰাইহান বাদ্ৰাই।

আনহাতে কামাল হাছানক উপহাৰ হিচাপে প্ৰদান কৰিবলৈ এই ছবিখন বাচি লোৱাৰ কাৰণ দৰ্শাই ৰাহুল গান্ধীয়ে কয় যে এই ছবিখনত পৰিস্ফুট হৈছে অভিনেতা তথা ৰাজনীতিবিদ কামাল হাছানৰ জীৱন।

তেওঁ কয়, “ইয়াত আপোনাৰ জীৱনৰ প্ৰতি থকা দৃষ্টিভংগী আৰু মনোভাৱ ফুটি উঠিছে আৰু ই আমাক এই কথাও কয় যে আপুনি এজন মহান ভাৰতীয় আৰু এজন মহান চেম্পিয়ন।”

image 8
এই ছবিত পৰিস্ফূট হৈছে আপোনাৰ জীৱন! ভাগিন ৰাইহানে কেমেৰাত আৱদ্ধ কৰা বাঘৰ ছবি কামাল হাছানক উপহাৰ ৰাহুল গান্ধীৰ… 4

উল্লেখ্য যে, ২০১৮ চনত মক্কল নিধি মৈয়াম নামৰ এটা ৰাজনৈতিক দল গঠন কৰি সক্ৰিয় ৰাজনীতিৰ পথাৰত প্ৰৱেশ কৰিছিল অভিনেতা কামাল হাছানে।

তেওঁক শেষবাৰৰ বাবে দেখা গৈছিল লোকেশ কানাগৰাজৰ পৰিচালনাৰ বিক্ৰম নামৰ ছবিখনত।

আনহাতে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাই দিল্লীত প্ৰৱেশ কৰাৰ পিছতে এই যাত্ৰাত অংশ লৈ চৰ্চালৈ আহিছে কামাল হাছান।