অসম

তেল পৰিবাহী টেংকাৰত ভয়ংকৰ অগ্নিকাণ্ড, ৰাজপথত দাও দাওকৈ জ্বলি উঠিল তেলৰ টেংকাৰ…

তেল পৰিবাহী টেংকাৰত ভয়ংকৰ অগ্নিকাণ্ড।

কলিয়াবৰৰ বুঢ়াপাহাৰত সংঘটিত হৈছে এই ঘটনা।

বুঢ়াপাহাৰত পুৱাই দাও দাওকৈ জ্বলি উঠিল এখন তেলৰ টেংকাৰ।

কৰ্তব‍্যৰত বন কৰ্মীয়ে এই ঘটনা প্ৰত‍্যক্ষ কৰি আৰক্ষী আৰু কলিয়াবৰৰ অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে।

অগ্নি নিৰ্বাপক বাহিনীৰ জুই নিৰ্বাপনৰ চেষ্টা কৰে যদিও বিফল হয়।

অগ্নি নিৰ্বাপন বাহিনীৰ গাড়ীৰ পানী শেষ হোৱাত পুনৰ জ্বলি উঠে টেংকাৰখন।

AS 06 AC 1861 নম্বৰৰ নামনিমুৱা টেংকাৰখনত কি তেল আছিল সেইকথা নিশ্চিত হোৱা নাই।

কিয়নো টেংকাৰখন বাগৰি পৰাৰ পাছতেই ঘটনাস্থলীৰ পৰা চালক হেণ্ডিমেন পলায়ন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *