চাঞ্চল্যকৰ! সহকৰ্মী মহিলা আৰক্ষী বিষয়াক গুলীয়ালে আৰক্ষী বিষয়াই, তৰ পিছত ঘটালে এই ঘটনা…

নিউজ ডেস্কঃ সতীৰ্থ মহিলা আৰক্ষীক গুলীয়াই নিজেও আত্মঘাতী হ’ল এগৰাকী আৰক্ষী বিষয়া।

এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ইন্দোৰত।

জানিব পৰা মতে, শুকুৰবাৰে ইন্দোৰৰ আৰক্ষী কণ্ট্ৰ’ল ৰুমত এগৰাকী টাউন ইন্সপেক্টৰ (টিআই)য়ে এগৰাকী মহিলা সহকাৰী উপ পৰিদৰ্শকৰ ওপৰত গুলীচালনা কৰে আৰু তাৰ পিছতে নিজৰ মূৰতো গুলীয়াই আত্মহত্যা কৰে।

p6 2
চাঞ্চল্যকৰ! সহকৰ্মী মহিলা আৰক্ষী বিষয়াক গুলীয়ালে আৰক্ষী বিষয়াই, তৰ পিছত ঘটালে এই ঘটনা... 4

এই ঘটনাত মহিলা আৰক্ষী বিষয়াগৰাকী গুৰুতৰভাৱে আহত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে।

বাতৰি অনুসৰি, টিআই হাকাম সিং পাৱাৰে শুকুৰবাৰে আৰক্ষী কণ্ট্ৰ’ল ৰুমত কৰ্তব্যৰত এএছআই ৰঞ্জনা খাদেক লগ কৰিবলৈ আহিছিল।

তাতেই তেওঁলোকৰ মাজত কোনো কাৰণত বিবাদ ঘটে আৰু তাৰ পিছতে নিজৰ চাৰ্ভিছ ৰিভলভাৰেৰে মহিলা আৰক্ষী বিষয়াগৰাকীৰ ওপৰত গুলী নিক্ষেপ কৰি নিজেও আত্মহত্যা কৰে হাকাম সিঙে।

p5 4
চাঞ্চল্যকৰ! সহকৰ্মী মহিলা আৰক্ষী বিষয়াক গুলীয়ালে আৰক্ষী বিষয়াই, তৰ পিছত ঘটালে এই ঘটনা... 5

আৰক্ষী আয়ুক্তই জানিবলৈ দিয়া মতে, অলপতে হাকাম সিং পাৱাৰক চন্দ্ৰাৱতীগঞ্জ আৰক্ষী থানাৰ পৰা ভূপাললৈ বদলি কৰা হৈছিল। আনহাতে এএছআই ৰঞ্জনা খাদেৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্ক থকাৰ সন্দেহ কৰা হৈছে।

p4 4
চাঞ্চল্যকৰ! সহকৰ্মী মহিলা আৰক্ষী বিষয়াক গুলীয়ালে আৰক্ষী বিষয়াই, তৰ পিছত ঘটালে এই ঘটনা... 6

ইফালে ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষী আৰু ফৰেনচিকৰ দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

বাতৰি অনুসৰি, গুলীবিদ্ধ হৈ হাকাম সিং পাৱাৰৰ থিতাতে মৃত্যু ঘটে। তেওঁৰ মৃতদেহৰ কাষতে উদ্ধাৰ কৰা হৈছে তেওঁৰ চাৰ্ভিছ ৰিভলভাৰটোও।

আহত এএছআই ৰঞ্জনা খাদে বৰ্তমান হাস্পতালত চিকিৎসাধীন হৈ আছে।

চিকিৎসকে তেওঁক বিপদমুক্ত বুলি জানিবলৈ দিছে।

অৱশ্যে কি কাৰণত তেওঁৰ ওপৰত হাকাম সিঙে গুলী চলাইছিল সেয়া এতিয়াও সম্পূৰ্ণৰূপে স্পষ্ট নহয়। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

1 thought on “চাঞ্চল্যকৰ! সহকৰ্মী মহিলা আৰক্ষী বিষয়াক গুলীয়ালে আৰক্ষী বিষয়াই, তৰ পিছত ঘটালে এই ঘটনা…”

Comments are closed.