অসমৰ ৩ সাহিত্যিকলৈ সাহিত্য অকাডেমীৰ বঁটা।
অসমীয়া-বড়ো-নেপালী ভাষাৰ লেখকলৈ এই সন্মান আগবঢ়োৱা হৈছে।
লগতে ভাষা গৱেষক সত্যেন্দ্ৰ নাৰায়ণ গোস্বামীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমীৰ ভাষা সন্মান।
ধ্ৰুপদী আৰু মধ্যযুগীয়া সাহিত্যৰ অধ্যয়ন-গৱেষণাৰে সাহিত্য় ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে অধ্যাপক সত্যেন্দ্ৰ নাৰায়ণ গোস্বামীলৈ সাহিত্য অকাডেমীৰ ভাষা সন্মান আগবঢ়োৱা হৈছে।
উত্তৰ পূৱ ভাৰতৰ পৰা সত্যেন্দ্ৰ নাৰায়ণ গোস্বামীক ২০২০ বৰ্ষৰ এই বঁটাৰ বাবে বাছনি কৰা হৈছে।
আনহাতে অসমৰ তিনিগৰাকী অনুবাদকে লাভ কৰিছে এইবাৰৰ অকাডেমীৰ অনুবাদ সাহিত্য বঁটা।
অসমীয়া, বড়ো আৰু নেপালী ভাষালৈ গ্ৰন্থ অনুবাদৰ বাবে এই স্বীকৃতি প্ৰদান কৰা হৈছে তিনি সাহিত্যিকলৈ।
এই বঁটা লাভ কৰিছে পৰী হিলৈদাৰী (অসমীয়াৰ বাবে), ইন্দিৰা বড়ো (বড়োৰ বাবে) আৰু সঞ্জীৱ উপাধ্য়ায়ে (নেপালী ভাষাৰ বাবে)।
পৰী হিলৈদাৰীয়ে ‘দাঁতিপাৰাৰ মানুহ’ , ইন্দিৰা বড়োয়ে ‘হিড়িম্বা’ আৰু সঞ্জীৱ উপাধ্য়ায়ে ‘বাবু-ছোৰা’ নামৰ কিতাপৰ বাবে এই বৰ্ষৰ অনুবাদ সাহিত্য সন্মান লাভ কৰিছে।









