অসমীয়াৰাষ্ট্ৰীয়

চাইকেলেৰে ফুড ডেলিভাৰ কৰা যুৱকক দেখি বাইক উপহাৰ দিলে আৰক্ষী বিষয়াই

নিউজ ডেস্কঃ চাইকেলত খাদ্য ডেলিভাৰ কৰা যুৱকক দেখি আবেগিক হৈ পৰিল নগৰ আৰক্ষী পৰিদৰ্শক। যাৰ পিছত থানাৰ আন আন আৰক্ষী কৰ্মীৰ পৰা এদিনৰ দৰমহা তুলি নতুন বাইক উপহাৰ দিলে ডেলিভাৰী বয়জনক।

মানৱতাৰ এই ইতিবাচক বাৰ্তা বিয়পোৱা ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ বিজয় নগৰত।

বিজয় নগৰৰ নগৰ আৰক্ষী পৰিদৰ্শক (টিআই) তেহছিব কাজীয়ে কিছুদিন পূৰ্বে টহল দি থকাৰ সময়তে প্ৰত্যক্ষ কৰে জয় হালদে নামৰ এজন ১৮ বছৰীয়া জ’মাটো ডেলিভাৰী বয়ক।

photo1651581111

খৰখেদাকৈ চাইকেলেৰে ফুড ডেলিভাৰ কৰা যুৱকজনক দেখি যুৱক জনৰ নাম-ঠিকনা ৰাখি থয় টিআই কাজীয়ে।

তাৰ কিছুদিন পিছতে আৰক্ষী বিষয়াগৰাকীয়ে জয় হালদেক ফোন কৰি থানালৈ মাতে আৰু ডাউন পে’মেণ্টত লৈ এখন বাইক উপহাৰ দিয়ে।

আৰক্ষীৰ পৰা বাইকখন উপহাৰ পোৱাৰ পিছতে সেইদিনাই খাদ্য ডেলিভাৰ কৰিবলৈ ওলাই যোৱা জয়ে এটা দিনতে এহাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়।

G3 1 1

আৰক্ষী বিষয়া তেহছিব কাজীয়ে জানিবলৈ দিয়া মতে, মালৱী নগৰৰ নিৱাসী জয় হালদেয়ে চাইকেলেৰে খাদ্য ডেলিভাৰ কৰাত পলম হোৱা বাবে কেইবাবাৰো গ্ৰাহকৰ গালি শুনিবলগা হৈছিল।

মাতৃ আৰু এজন ভাতৃৰ ভোৰণ পোষণৰ দায়িত্ব লোৱা জয়ে চাইকেলেৰে ফুড ডেলিভাৰ কৰি দিনটোত ৩০ টকাৰ পৰা সৰ্বাধিক ৪০০ টকাহে উপাৰ্জন কৰিব পাৰিছিল।

photo1651581099

অতি অভাৱৰ মাজেৰে জীৱন নিৰ্বাহ কৰা জয়ক যেতিয়া আৰক্ষীয়ে ফোন কৰি থানালৈ মাতে, তেতিয়া যুৱকজনে ভয় খায়।

যেতিয়া টিআই কাজীয়ে যুৱকজনক প্ৰশ্ন কৰে যে তেওঁক যদি এখন বাইক লৈ দিয়া হয়, তেন্তে মাহিলী কিস্তি সময়মতে পৰিশোধ কৰিব পাৰিব নে নাই, তেতিয়া যুৱকজনে পাৰিম বুলি কথা দিয়ে।

তাৰ পিছতে আৰক্ষী বিষয়াগৰাকীয়ে ৩২ হাজাৰ টকা ডাউন পে’মেণ্টত এখন বাইক ক্ৰয় কৰি জয়ক উপহাৰ দিয়ে। ইফালে এই নতুন বাইকখন লৈ ফুড ডেলিভাৰ কৰিবলৈ ওলায় যায় জয় হালদেয়ে।

নিশা যুৱকজনে থানালৈ পুনৰ আহে আৰু আনন্দ মনেৰে টিআইক অৱগত কৰে যে সেইদিনা তেওঁ ফুড ডেলিভাৰ কৰি এহাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

লগতে চাওকঃ

সঁচা প্ৰেম! যুদ্ধত দুয়োখন ভৰি হেৰুওৱা নাৰ্ছক হাস্পতালত বিয়া কৰালে প্ৰেমিক

G9

Leave a Reply

Your email address will not be published. Required fields are marked *