অসম

মূল্যবৃদ্ধি ভাল বস্তু নহয়, কোনেও ভাল নাপায়ঃ ৰাজেন গোহাঁই…

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ ৰাইজক।

মূল্যবৃদ্ধিক লৈ বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে।

এইবাৰ প্ৰাক্তন সাংসদ তথা অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধ্যক্ষ ৰাজেন গোহাঁইয়ে মূল্যবৃদ্ধি প্ৰসংগত কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য।

গোহাঁইয়ে কয় যে- মূল্যবৃদ্ধি ভালবস্তু নহয়, কোনেও ভাল নাপায়। মূল্যবৃদ্ধি এটা গতানুগতিক আৰু স্বাভাৱিক প্ৰক্ৰিয়া। অৰ্থনৈতিক কিছু বিষয়ৰ ওপৰত ভিত্তি কৰি কেতিয়াবা মূল্যবৃদ্ধি হয় আৰু কেতিয়াবা কমে।

মানুহৰ চাহিদা অনুসৰি যেতিয়া যিকোনো বস্তুৰ যোগান কমি যায় তেতিয়াই মূল্যবৃদ্ধিয়ে গা কৰি উঠে বুলি মন্তব্য কৰে তেওঁ।

দেশৰ প্ৰধানমন্ত্ৰী মোদীয়ে এই ক্ষেত্ৰত ভাল পদক্ষেপ ল’ব বুলি আশা কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

আনহাতে, কৃষি বিভাগ আৰু চৰকাৰৰ কেতবোৰ ভূল-ত্ৰুটীৰ বাবেই কৃষক সকল কেতিয়াবা সমস্যাৰ সন্মুখীন হ’ব লগা হয় বুলি প্ৰসংগক্ৰমে উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *