চলন্ত ৰে’লৰ সন্মুখত আহিল পােৱালিসহ হাতী, তাৰ পাছত ঘটিল এই ঘটনা…

নিউজ ডেস্ক। তীব্ৰবেগী ৰে’লৰ খুন্দাত সঘনাই মৃত্যুমুখত পৰে বনৰীয়া হাতী।

অৱশ্যে এই ক্ষেত্ৰত বিভিন্ন প্ৰকৃতিপ্ৰেমী সংগঠনৰ দাবী তথা ৰাজ্যৰ বন বিভাগৰ অনুৰােধৰ পাছত বিশেষ সতৰ্কতা অৱলম্বন কৰিছে ৰে’ল বিভাগে, যাৰ ফলত ক্ৰমাৎ হ্ৰাস পাইছে তেনে ঘটনা।

চালকৰ সতৰ্কতাৰ বাবেই ৰেলপথত নিশ্চিত বিপদত পৰা ৰক্ষা পৰিল এটা বনৰীয়া হাতী তথা পােৱালি হাতী।

এই ঘটনাৰ ভিডিঅ’ প্ৰকাশ কৰিছে উত্তৰ পূব সীমান্ত ৰে’ল বিভাগে। দৃশ্যত দেখা অনুসৰি, ৰে’লপথত কাষত থকা হাতী কেইটাক প্ৰত্যক্ষ কৰি সতৰ্ক চালকে ল’লে তাৎক্ষণিক পদক্ষেপ।

নিয়ন্ত্ৰণ কৰি মাৰিলে ৰেলৰ জৰুৰী ব্ৰেক। যাৰ ফলত কিছু দূৰত ৰৈ গল ৰেলখন আৰু ৰক্ষা পৰে হাতীকেইটাৰ জীৱন। হাতীৰ জাকটো পাৰ হৈ যোৱাৰ পিছত চালকে পুনৰ এৰে ৰেলখন।

এই দৃশ্য বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

দৃশ্যটো পশ্চিম বংগৰ চিভক-গুলমা ষ্টেচনৰ মাজৰ ৰেলপথৰ। দেওবাৰে আবেলি ৬:১৩ মান বজাত ৰেলখন সেই স্থান পাওঁতেই সেই দৃশ্য বন্দী হয়।

উল্লেখ্য যে ০৫৭৭৮ নম্বৰৰ বিশেষ পৰ্যটক এক্সপ্ৰেছ ৰেলখনৰ চালক দুজন আছিল ক্ৰমে এছ বি চন্দ আৰু এ বিশ্বাস। এই কাৰ্যৰ বাবে দুয়োকে বৰ্তমান সকলোৱে কৰিছে প্ৰশংসা।

Leave a Comment