পুনৰ CAA-ৰ বিৰুদ্ধে ৰাজ্যজুৰি আন্দোলন ঘোষণা অসম জাতীয় পৰিষদৰ…

পুনৰ CAA-ৰ বিৰুদ্ধে ৰাজ্যজুৰি আন্দোলন ঘোষণা অসম জাতীয় পৰিষদৰ।

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক বিবৃতিযোগে এই কথা প্ৰকাশ কৰিছ।

সেই অনুসৰি ১৪ ছেপ্তেম্বৰত প্ৰতিখন জিলাৰ সদৰত জাতীয় গৰ্জন কাৰ্যসূচী ৰূপায়ন কৰা হ’ব।

লগতে ১৭ ছেপ্তেম্বৰৰ পৰা ২৩ ছেপ্তেম্বৰলৈকে সপ্তাহজোৰা জাতীয় চেতনা সভা কাৰ্যসূচী গ্ৰহণ কৰা হ’ব।

কা বাতিল কৰি অসম চুক্তিৰ ৫ নং আৰু ৬ নং দফা পূৰ্ণ ৰূপায়ণ কৰি অসমীয়া মানুহৰ ভাষিক, ৰাজনৈতিক আৰু সাংস্কৃতিক অধিকাৰ সুৰক্ষিত কৰি সাংবিধানিক সুৰক্ষাকৱচ প্ৰদানৰ দাবীত এই আন্দোলন ঘোষণা কৰে অসম জাতীয় পৰিষদে।

বিবৃতিটোত কয় যে বিজেপিয়ে কা প্ৰয়োগ কৰি অসম চুক্তিৰ আত্মাস্বৰূপ ৫ নম্বৰ দফাক সম্পূৰ্ণ নস্যাৎ কৰিছে।

লগতে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ বাবে পৰামৰ্শদাতা সমিতিয়ে দিয়া পৰামৰ্শ আজি ১ বছৰ ৭ মাহ ধৰি পেলাই থোৱা কাৰ্যকো এক ঐতিহাসিক বিশ্বাসঘাটকতা বুলি অভিহিত কৰে।

আনহাতে অসমত ১৯৯১ চনত ৫৭.৮১ শতাংশ আৰু ২০১১ চনত ৪৭ শতাংশলৈ হ্ৰাস পাইছে অসমীয়াভাষী মানুহৰ সংখ্যা। যদি এইদৰে থাকে তেন্তে ২০৩১ চনত এই সংখ্যা ৩৭ শতাংশলৈ অৱনমিত হ’ব আৰু অসমত অসমীয়া সংখ্যালঘুত পৰিণত হ’ব বুলি উল্লেখ কৰে ৰাজনৈতিক সংগঠনটোৱে।

Leave a Comment