অসমীয়াৰাষ্ট্ৰীয়

চলন্ত ৰে’লৰ ভিতৰতে গৰ্ভৱতী মহিলাৰ সন্তান প্ৰসৱ কৰালে এগৰাকী মেডিকেল ছাত্ৰীয়ে, পৰিয়ালৰ কৃতজ্ঞতা জ্ঞাপন…

নিউজ ডেস্কঃ চলন্ত ৰে’লৰ ভিতৰত এগৰাকী গৰ্ভৱতী মহিলাৰ সন্তান প্ৰসৱ কৰালে এগৰাকী মেডিকেল ছাত্ৰীয়ে। এই ঘটনাই এতিয়া সামাজিক মাধ্যমত যথেষ্ট চৰ্চা লাভ কৰিছে। গৰ্ভৱতী মহিলাগৰাকীক সুকলমে প্ৰসৱ কৰোৱা মেডিকেল ছাত্ৰীগৰাকীক প্ৰশংসা আৰু কৃতজ্ঞতাৰে উপচাই পেলাইছে মহিলাগৰাকীৰ পৰিয়াল তথা আন সকলে।

দৰাচলতে মঙলবাৰে সংঘটিত হয় এই ঘটনা। তেলেংগানাৰ শ্ৰীকাকুলামৰ পৰা এগৰাকী গৰ্ভৱতী মহিলাই ছেকেণ্ডৰাবাদ ডুৰণ্ট’ এক্সপ্ৰেছ ৰে’লত যাত্ৰা কৰিছিল। ৰে’লখন অনকাপল্লী ষ্টেছনত উপস্থিত হোৱাৰ সময়তে হঠাৎ ৰে’লৰ ভিতৰতে প্ৰসৱ বেদনা অনুভৱ হয় মহিলাগৰাকীৰ।

image 105

চলন্ত ৰে’লৰ ভিতৰত এনেদৰে প্ৰসৱ বেদনা অনুভৱ হোৱাত উদ্বিগ্ন হৈ পৰে মহিলাগৰাকীৰ সৈতে সেই সময়ত যাত্ৰা কৰা অভিভাৱক। কিন্তু একেটা ডবাতে সেই সময়ত যাত্ৰা কৰা চূড়ান্ত বৰ্ষৰ এগৰাকী মেডিকেলৰ ছাত্ৰী আগবাঢ়ি আহি প্ৰসূতি গৰাকীক প্ৰসৱত সহায় কৰে।

image 106

যাৰ ফলত চলন্ত ৰে’লৰ ভিতৰতে এটি সুস্থ সবল সন্তান জন্ম দিয়ে মহিলাগৰাকীয়ে। বৰ্তমান মহিলাগৰাকী আৰু শিশুটি দুয়োজনেই সুস্থ হৈ থকা বুলি জানিব পৰা গৈছে।

ৰে’লৰ ভিতৰত এনদেৰে এগৰাকী প্ৰসূতি মহিলাক সন্তান জন্ম দিয়াত সহায় কৰা মেডিকেলৰ ছাত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰিছে মহিলাগৰাকীৰ পৰিয়ালে। সামাজিক মাধ্যমত এই ঘটনা চৰ্চালৈ অহাৰ পিছতে ছাত্ৰীগৰাকীক প্ৰশংসা কৰিছে নেট ব্যৱহাৰকাৰীয়ে।