CAAৰ বিষয়ে কংগ্ৰেছত থাকি বুজা নাছিলোঁ, বিজেপিলৈ আহিহে বুজি উঠিছোঁঃ ৰূপজ্যোতি কুৰ্মী

CAAৰ বিষয়ে কংগ্ৰেছত থাকি বুজা নাছিলোঁ। CAAখন কি বিজেপিলৈ আহিহে বুজি উঠিছোঁ।

কংগ্ৰেছৰ পৰা বিজেপিলৈ আহি কা সন্দৰ্ভত স্থিতি সলনি কৰি এই মন্তব্য বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ।

নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা’ৰ বিৰোধিতা কৰি এসময়ত সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এতিয়া এই আইনখন ভালদৰে বুজি পোৱা বুলি মন্তব্য কৰে।

কংগ্ৰেছত থকা সময়ত এই আইনখনৰ বিষয়ে পঢ়িব দিয়া হোৱা নাছিল বুলি উল্লেখ কৰি তেওঁ কয়, ‘প্ৰথমতে সাংবাদিকসকল, বুদ্ধিজীৱিসকল, সত্ৰৰ সত্ৰাধিকাৰসকলে প্ৰতিবাদ কৰিছিল কিন্তু এতিয়া সকলোৱে বুজিছে যে কা’ৰ পৰা অসমৰ একো ক্ষতি নহয়’।

এতিয়া CAA খন ভালদৰে পঢ়ি বুজি উঠা বুলি মন্তব্য কৰি বিধায়ক গৰাকীয়ে কয়- যেতিয়া ভাৰত-বাংলাদেশ বিভাজন হৈছিল, তেতিয়া তাত ৰৈ যোৱা একাংশ লোক এতিয়া ভাৰতলৈ আহিব বিচাৰিছে। তেওঁলোকক ইয়াত ৰাখিবলৈয়ে এই আইনখন অনা হৈছে।’

তেওঁ কয়- আইনখন এখন সাধাৰণ আইন, এই আইনৰ অনুসৰি এটাই স্পষ্ট, কোনোবা যদি ভাৰতীয় মূলৰ লোক নিৰ্যাতনৰ বলি হৈ অন্য দেশত আছে, তেওঁলোক যদি আহিব বিচাৰে তেওঁলোকক আমি আশ্ৰয় দিম।

কা নামৰ এখন আইন আহিছে। এইটো লৈ ইয়াত বিদেশী আহিব, তোমালোকে জুই লগোৱা, হুলস্থুল লগোৱা, নিৰ্বাচন আহি আছে, আমাক কংগ্ৰেছৰ নেতাসকলে এইদৰে ক’ব কৈছিল কাৰণে আমি কৈছিলো।- এই বিস্ফোৰক মন্তব্য বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ।

অৱশ্যে কোন কংগ্ৰেছৰ নেতাই তেওঁলোকক এইদৰে কৈছিল সেই বিষয়ে স্পষ্টভাৱে নক’লেও অসমৰ লগতে দিল্লীৰ শীৰ্ষ নেতাৰ নিৰ্দেশতে কা’ৰ বিৰোধিতা কৰিছিল বুলি কয় বিধায়কগৰাকীয়ে।