ৰাষ্ট্ৰীয়

চলন্ত বাহনত ভয়ংকৰ অগ্নিকাণ্ড, জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু এগৰাকী চিকিৎসকৰ…

চলন্ত বাহনত ভয়ংকৰ অগ্নিকাণ্ড।

জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটিলে এগৰাকী চিকিৎসকে।

এই কৰুণ ঘটনা সংঘটিত হৈছে হায়দৰাবাদত।

শনিবাৰে পুৱাৰ ভাগত নিজৰ বাহনেৰে কোনো ঠাইলৈ গৈ থকা অৱস্থাতে এই দুৰ্ঘটনাত পতিত হয়।

দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটি লোৱা চিকিৎসক গৰাকী হ’ল ৩৯ বৰ্ষীয় নীলপতি সুধিৰ।

দুৰ্ঘটনাৰ সময়ত বাহন খনত চালকৰ আসনত আছিল চিকিৎসক গৰাকী।

হঠাতে জুইয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰি সম্পূৰ্ণ বাহন খন আগুৰি ধৰে।

ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হয় যদিও ইতিমধ্যে সকলো জ্বলি ছাই হৈ পৰে।

ইতিমধ্যে চিকিৎসক গৰাকীৰ অৰ্ধ জ্বলিত মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে।

চিকিৎসক গৰাকী যশোদা হাস্পতালৰ অৰ্থপেডিক চিকিৎসক আছিল বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *