অসম

কাজিৰঙাত কৰ্তব্যৰত অৱস্থাত মৃত্যু এগৰাকী বনকৰ্মীৰ…

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰী বনাঞ্চলত এগৰাকী বনকৰ্মীৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

কৰ্তব্যৰত অৱস্থাত এজন বনকৰ্মীয়ে মৃত্যুক আকোৱালি লয়।

প্ৰবীণ শইকীয়া নামৰ স্থায়ী বনকৰ্মীজনৰ ৰহস্যজনকভাৱে মৃত্যু হয়। মৃত প্ৰবীণ শইকীয়াৰ ঘৰ কুঠৰীত।

বনকৰ্মীজনে আত্মহত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে কাজিৰঙাৰ বন বিভাগে। ছাৰ্ভিচ ৰাইফলেৰে গুলীয়াই আত্মহত্যা কৰাৰ সন্দেহ।

আনহাতে পৰিয়ালৰ ভাষ্য মতে এয়া আত্মহত্যাৰ ঘটনা নহয়।

পৰিয়ালৰ অভিযোগ অনুসৰি, বনকৰ্মীজন অত্যধিক মানসিক চাপত ভুগি আছিল। মৃত্যুৰ কিছু সময় পূৰ্বলৈ পত্নীৰ সৈতে কান্দি কান্দি কথা পাতিছিল বুলি প্ৰকাশ পৰিয়ালৰ লোকৰ।

উল্লেখ্যে যে বাগৰি বনাঞ্চলৰ বনাঞ্চলিক বিষয়াগৰাকীৰ সৈতে বাক বিতণ্ডা হোৱা বুলিও প্ৰকাশ কৰে পৰিয়ালৰ লোকে।

ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে পৰিয়ালৰ লোকে।

Leave a Reply

Your email address will not be published. Required fields are marked *