চাঞ্চল্যকৰ! আঢ্যবন্ত স্বামীৰ বিৰুদ্ধে সদ্য বিবাহিতা পত্নীক শাৰীৰিক-মানসিক অত্যাচাৰৰ অভিযােগ, বাহিৰৰ পৰা তলাবন্ধ কোঠাত উদ্ধাৰ মৃতদেহ…

নিউজ ডেস্কঃ বিয়াৰ মাত্ৰ ৬ মাহ হৈছিলহে! কিন্তু ইয়াৰ মাজতে আৰম্ভ হৈছিল ন বোৱাৰীৰ ওপৰত শাৰীৰিক-মানসিক নিৰ্যাতন।

আঢ্যবন্ত স্বামী পৰিয়ালে যৌতুক বিচাৰি প্ৰায়ে অতিশায্য চলাইছিল ন পত্নীৰ ওপৰত।

পিতৃগৃহই পাৰ্যমানে পূৰণ কৰিছিল যৌতুকৰ দাবী। দুটা কিস্তিত আদায় দিছিল ৫০ হাজাৰ টকা।

কিন্তু তাৰ পিছতো কমা নাছিল অত্যাচাৰ।

আৰু অৱশেষত বাহিৰৰ পৰা তলা লগোৱা এটা কোঠাৰ ভিতৰত চিপ লোৱা অৱস্থাত ৰহস্যজনকভাৱে উদ্ধাৰ হ’ল যুৱতীগৰাকীৰ মৃতদেহ।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে পাঠশালাৰ সমীপৰ কেন্দুগুৰিত।

উল্লেখ্য যে, যোৱা বছৰৰ ৫ জুলাইত বজালী মহকুমাৰ ভোটান্ত মহিতৰা গাঁৱৰ অশ্বিনী মেধি আৰু বিনু মেধিৰ একমাত্র কন্যা অঞ্জু মেধিৰ সামাজিক ৰীতি-নীতিৰে বিবাহ সম্পন্ন হৈছিল পাঠশালাৰ সমীপৰ কেন্দুগুৰি নিবাসী সৌৰভ পাটগিৰিৰ সৈতে।

কিন্তু বিয়াৰ পিছতে স্বামী আৰু পৰিয়ালে অঞ্জুৰ ওপৰত যৌতুক বিচাৰি অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন হয়।

আনহাতে শেহতীয়াকৈ সৰস্বতী পূজাৰ দিনা সৰস্বতী পূজালৈ একেলগে যাবলৈ অঞ্জুৱে খুৰাকৰ ছোৱালী জিণ্টি মেধিক স্বামীগৃহলৈ মাতি পঠিয়ায়।

দিনৰ প্ৰায় ১১.৩০ বজাত অঞ্জুৰ স্বামীগৃহত উপস্থিত হৈ জিণ্টিয়ে অঞ্জুক বিচৰাত অঞ্জুৰ স্বামী সৌৰভে জিণ্টিক ওপৰ মহলাত থকা কোঠালৈ লৈ যায় আৰু বাহিৰৰ পৰা তলা লগোৱা অৱস্থাত থকা এটা কোঠাৰ তলা সৌৰভে খুলি দিয়াত অঞ্জুক ভিতৰত চিপ লোৱা অৱস্থাত প্রত্যক্ষ কৰে জিণ্টিয়ে।

ইয়াৰ পিচতে সৌৰভ আৰু তেওঁৰ মাতৃয়ে অঞ্জুৰ মৃতদেহ নমাই আনি বিছনাত থয়।

পিচত অঞ্জুৰ পিতৃ আৰু স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হৈ অঞ্জুৰ নিথৰ দেহ প্রত্যক্ষ কৰি পাঠশালা চৰকাৰী চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে অঞ্জুক মৃত বুলি ঘোষণা কৰে।

ইয়াৰ পিচত ঘটনা সন্দৰ্ভত অঞ্জুৰ স্বামী, শাহুৱেক আৰু স্বামীৰ বায়েকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ তুলি মাতৃৰ পৰিয়ালে এজাহাৰ দাখিল কৰে।

২৭ জানুৱাৰীৰ সন্ধিয়া পাঠশালা আৰক্ষীয়ে অঞ্জুৰ স্বামী সৌৰভ আৰু তেওঁৰ মাতৃক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে।

ইপিনে অঞ্জুৰ মৃত্যুৰ ৰহস্য উদ্‌ঘাটনৰ বাবে অঞ্জুৰ পৰিয়ালে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে।

বিয়াৰ মাত্ৰ ৬ মাহ পিছতে অঞ্জুৰ এনে ৰহস্যজনক মৃত্যুৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোতে।