কেন্দ্ৰীয় বাজেট ২০২৩-২৪! বছৰি ৭ লাখ টকালৈ আয় অৰ্জনকাৰীৰ কৰ ৰেহাই…

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নীৰ্মলা সীতাৰমণে দাখিল কৰিলে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট।

কেন্দ্ৰীয় বাজেটত বহু অভিলাষী আঁচনিৰ কথা ঘোষণা কৰিছে বিত্তমন্ত্ৰীয়ে।

কেন্দ্ৰীয় বিত্তীয় মন্ত্ৰীয়ে আয়কৰৰ ক্ষেত্ৰত বাজেট ঘোষণাত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে।

আয় কৰ ৰেহাইৰ সীমা ৫ লাখৰ পৰা ৭ লাখ টকালৈ বৃদ্ধি অৰ্থাৎ বছৰি ৭ লাখ টকালৈকে উপাৰ্জন কৰা লোকে আয়কৰ দিব নালাগে।

৭ৰ পৰা ৯ লাখ উপাৰ্জন কৰাসকলে দিব লাগিব ১০ শতাংশ কৰ।

আনহাতে ৯ ৰ পৰা ১২ লাখ টকালৈকে বছৰি উপাৰ্জন কৰা সকলে ভৰিব লাগিব ১৫ শতাংশ আয়কৰ।

বছৰি ১২ ৰ পৰা ১৫ লাখ টকালৈ উপাৰ্জন কৰা সকলে ভৰিব লাগিব ২০ শতাংশ আংয়কৰ।

আনহাতে ১৫ লাখৰ অধিক উপাৰ্জন কৰাসকলে ভৰিব লাগিব ৩০ শতাংশ আয়কৰ।