ঘোষণা কৰা হ’ল ৬৮সংখ্যক ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটা, কৃপাল কলিতাৰ ‘ব্ৰীজ’লৈ শ্ৰেষ্ঠ অসমীয়া ভাষাৰ ছবিৰ সন্মান…

নিউজ ডেস্কঃ ঘোষণা কৰা হ’ল ২০২০ বৰ্ষৰ ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটা। ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটাত এইবাৰ জিলিকিছে কেইবাখনো অসমীয়া আৰু স্থানীয় ভাষাৰ ছবি।

ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটাৰ অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ খিতাপ লাভ কৰিছে কৃপাল কলিতা পৰিচালিত ‘ব্ৰীজ’-এ। আনহাতে আইমী বৰুৱা পৰিচালিত ডিমাচা ভাষাৰ শ্ৰেষ্ঠ চুটি ছবি ‘ছেমখৰ’লৈ আগবঢ়োৱা হৈছে ৰজত কমল বঁটা।

সেইদৰে পাৰিপাৰ্শ্বিক শিতানত ৰজত কমল বঁটা লাভ কৰিছে মানাহ আৰু মানুহলৈ নামৰ চুটি ছবিখনে। ছবিখনৰ পৰিচালনা কৰিছে দ্বীপ ভূঞাই। কাৰ্বি ভাষাৰ ছবি ‘কাঞ্চি চিনী থু’লৈও এইবাৰ আগবঢ়োৱা হৈছে ৰজত কমল বঁটা। এই ছবিখনৰ পৰিচালনা কৰিছে খঞ্জন কিশোৰ নাথে।

image 231
ঘোষণা কৰা হ’ল ৬৮সংখ্যক ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটা, কৃপাল কলিতাৰ 'ব্ৰীজ’লৈ শ্ৰেষ্ঠ অসমীয়া ভাষাৰ ছবিৰ সন্মান… 3

উল্লেখ্য যে, ১৯৫৪ চনৰ পৰা ভাৰত চৰকাৰে প্ৰদান কৰি অহা ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটা বিগত দুটা বছৰ কোভিড পৰিস্থিতিৰ বাবে অনুষ্ঠিত হোৱা নাছিল। যাৰ বাবে ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটা শুকুৰবাৰে ঘোষণা কৰা হয়।

photo1658492714
ঘোষণা কৰা হ’ল ৬৮সংখ্যক ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটা, কৃপাল কলিতাৰ 'ব্ৰীজ’লৈ শ্ৰেষ্ঠ অসমীয়া ভাষাৰ ছবিৰ সন্মান… 4

ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটা, ২০২০ৰ জনপ্ৰিয় ছবিৰ খিতাপ লাভ কৰিছে অজয় দেৱগণ অভিনীত তানহাজীয়ে। সেইদৰে ‘চৰাৰাই পটৰু’ আৰু ‘তানহাজী’ত কৰা অভিনয়ৰ বাবে শ্রেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে ক্ৰমে সুৰ্য্য আৰু অজয় দেৱগণে। শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছে অপৰ্ণা বালামুৰুলীয়ে। চৰাৰাই পটৰুত কৰা অভিনয়ৰ বাবে তেওঁ লাভ কৰে এই সন্মান।