চাহ বাগিচাত থাকিব কেৱল আদিবাসী লোক, অবৈধ দখলকাৰীক কৰা হ’ব উচ্ছেদঃ মন্ত্ৰী পীয়ূষ হাজৰিকা

চাহ বাগিচাত অবৈধ দখলকাৰীৰ বিৰুদ্ধে সৰৱ হৈছে মন্ত্ৰী পীয়ূষ হাজৰিকা।

বাগিচাৰ অবৈধ দখলকাৰীক শীঘ্ৰেই উচ্ছেদ কৰা হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।

তেওঁ কয়- চাহবাগিচাত কেৱল আদিবাসী লোকহে থাকিব। বাগিচাৰ দখলকাৰীক চলোৱা হ’ব উচ্ছেদ।

তেওঁ লগতে কয়- চাহ বাগানত কোনো পধ্যেই বেলেগ লোকক বহি থাকিব দিয়া নহ’ব। কঠোৰ ভাৱে ব্যৱস্থা লৈ বাগানক বেদখলমুক্ত কৰা হ’ব।

অসমৰ অৰ্থনীতিৰ মূল ভেটি হৈছে চাহবাগান। তাক দুস্কৃতিকাৰীক দখল কৰিবলৈ দিয়া নহ’ব। এখন এখনকৈ বাগান মুক্ত কৰিমেই বুলি মন্তব্য মন্ত্ৰী গৰাকীৰ।

শুক্ৰবাৰে কৰিমগঞ্জত এই মন্তব্য কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই।