ঘোচখোৰ পৰিবহণ কৰ্মচাৰী দেৱেশ্বৰ তালুকদাৰক ৪ বছৰৰ কাৰাদণ্ড আদালতৰ…

নিউজ ডেস্কঃ উৎকোচ গ্ৰহণৰ গোচৰত দোষী সাব্যস্ত হোৱা পৰিবহণ বিভাগৰ জ্যেষ্ঠ সহায়ক দেৱেশ্বৰ তালুকদাৰক বিহা হ’ল ৪ বছৰৰ সশ্ৰম কাৰাদণ্ড।

মঙলবাৰে বিশেষ ন্যায়াধীশৰ আদালতে উৎকোচ গোচৰত দোষী সাব্যস্ত কৰি খানাপাৰাস্থিত পৰিবহণ আয়ুক্ত কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক দেৱেশ্বৰ তালুকদাৰক চাৰি বছৰৰ কাৰাদণ্ডৰ লগতে ১০ হাজাৰ টকাৰ জৰিমণা বিহে।

আনহাতে এই জৰিমণা আদায় নিদিলে অতিৰিক্ত দুমাহ কাৰাগাৰত থাকিব লাগিব দেৱেশ্বৰ তালুকদাৰে।

photo1660743709
ঘোচখোৰ পৰিবহণ কৰ্মচাৰী দেৱেশ্বৰ তালুকদাৰক ৪ বছৰৰ কাৰাদণ্ড আদালতৰ… 2

উল্লেখ্য যে, ২০১৫ চনৰ ৭ ডিচেম্বৰত উৎকোচ লোৱাৰ সময়ত দুৰ্নীতি নিৰীক্ষণ আৰু তদাৰকী কোষে হাতে-লোটে গ্ৰেপ্তাৰ কৰিছিল পৰিবহণ বিষয়াগৰাকী।

জানিব পৰা মতে, দেৱেশ্বৰ তালুকদাৰে এজন ব্যক্তিৰ পৰা এছুৰেণ্স লেটাৰ প্ৰদানৰ নামত ৩৮ হাজাৰ টকা দাবী কৰিছিল।

৭ ডিচেম্বৰত তেওঁ ব্যক্তিজনৰ পৰা ৮ হাজাৰ টকাৰ উৎকোচ লোৱাৰ সময়তে হাতে-লোটে ধৰা পৰে।

ইয়াৰ পিছতে ২০১৮ চনৰ ২৭ এপ্ৰিলত দুৰ্নীতিগ্ৰস্ত বিষয়াজনৰ বিৰুদ্ধে আদালতত অভিযোগনামা দাখিল কৰে আৰক্ষীয়ে।

তাৰ পিছতে আদালতত চলি থকা এই গোচৰৰ ৰায় মঙলবাৰে প্ৰদান কৰে বিশেষ ন্যায়াধীশৰ আদালতে।