গ্ৰেপ্তাৰ হ’ল MBBS-ৰ নামভৰ্তিৰ নামত ধন আত্মসাৎ কৰা বিশাল কুমাৰ চৌধুৰী…

অৱশেষত গ্ৰেপ্তাৰ হ’ল MBBSৰ নামভৰ্তীৰ নামত ধন আত্মসাৎ কৰা বিশাল কুমাৰ চৌধুৰী৷

CID (অসম) য়ে পশ্চিমবংগৰ চিলিগুৰীৰ পৰা গ্ৰেপ্তাৰ কৰে বিশাল কুমাৰ চৌধুৰীক।

উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ অভিযুক্ত বিমল কুমাৰ চৌধুৰীক চিআইডি পিএছ গোচৰ নং 53/2014 ইউ/এছ 120(বি)/406/420 আইপিচিৰ অধীনত মাজনিশা গ্ৰেপ্তাৰ কৰে চি আই ডি (অসম) এটি দলে।

তেওঁক ট্ৰেঞ্জিট ৰিমাণ্ডৰ বাবে প্ৰথমে স্থানীয় আদালতত হাজিৰ কৰোৱা হয় আৰু পৰৱৰ্তী আইনী ব্যৱস্থাৰ বাবে অসমলৈ অনা হয়।

MBBS/BDS পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অভিযুক্ত ব্যক্তিজনক বৃহৎ পৰিমাণৰ ধন পৰিশোধ কৰা কেইবাজনো ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত গোচৰ পঞ্জীয়ন কৰা হৈছিল।

অভিযোগ অনুসৰি ব্যক্তি গৰাকীয়ে চিকিৎসা আৰু দন্ত মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে ইমেইল আৰু ফোন নম্বৰকে ধৰি যোগাযোগৰ বিৱৰণৰ সৈতে বাতৰি কাকতত ভুৱা বিজ্ঞাপন প্ৰকাশ কৰিছিল। তাৰপাছতে একাংশই অভিযুক্তৰ সৈতে যোগাযোগ কৰি বৃহৎ পৰিমাণৰ ধন পৰিশোধ কৰিছিল।

image 18
গ্ৰেপ্তাৰ হ’ল MBBS-ৰ নামভৰ্তিৰ নামত ধন আত্মসাৎ কৰা বিশাল কুমাৰ চৌধুৰী... 2

উল্লেখ্য যে, এই গোচৰ সমূহ ২০১৪ চনতে ৰুজু কৰা হৈছিল। এই গোচৰটো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰা নিৰীক্ষণ কৰা হৈছিল। তাৰপাছতেই ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি গোচৰটোৰ তদন্তৰ সন্দৰ্ভত ১৮মাৰ্চ, ২০২১ তাৰিখে এছআইটি গঠন কৰা হৈছিল।

তাৰ পাছতেই অনুসন্ধান চলাই বিমল কুমাৰ চৌধুৰীক পশ্চিম বংগৰ, চিলিগুৰিৰ পৰা গ্ৰেপ্তাৰ কৰে।

Leave a Comment