অসম

চাৰিখনকৈ চুৰি মটৰ চাইকেলসহ আৰক্ষীৰ জালত গভাইত বাইক চোৰ…

আৰক্ষীৰ জালত চাৰিখনকৈ দুচকীয়া বাহন সহ গভাইত বাইক চােৰ।

সৰভোগ আৰক্ষীয়ে মঙলবাৰে অভিযান চলাই বাইকচোৰটোক আটক কৰিবলৈ সক্ষম হয়।

আটক কৰা সময়ত চোৰটোৰ কবলৰ পৰা চাৰিখনকৈ চুৰি দুচকীয়া বাহনো জব্দ কৰে আৰক্ষীয়ে।

জানিব পৰা মতে, এক গোপন সূত্ৰৰ পম খেদি চলোৱা এই অভিযানত পূৰ্বে চুৰি কৰা চাৰিখন বাইক সহ চোৰটোক আটক কৰিবলৈ সক্ষম হৈছে।

image 19

ধৃত চোৰটোক সৰভোগ আৰক্ষী চকীৰ অন্তৰ্গত টেঙাগাঁৱৰ নুৰুল ইছলামৰ পুত্ৰ আৰিফুল আলি বুলি চিনাক্ত কৰা হৈছে।

দীৰ্ঘ সময় ধৰি বাইক চুৰি কাৰ্য‍্যৰ লগত জড়িত যুৱকজনক আটক কৰি আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *