অসম

গো সুৰক্ষা বিধেয়কক লৈ পুনৰ সৰৱ অখিল গগৈ, হিমন্ত বিশ্ব শৰ্মাক নাথুৰাম গডছে আখ্যা…

পুনৰ গো সুৰক্ষা বিধেয়কক লৈ সৰৱ শিৱসাগৰৰ বিধায়ক অখিল গগৈ।

বিধানসভাত গো সুৰক্ষা বিধেয়কখন আইনত পৰিণত কৰাত বাধা দিব নোৱাৰাৰ বাবে অসমবাসীৰ ওচৰত ক্ষমা বিচাৰে বিধায়কগৰাকীয়ে।

অখিলে কয়- ‘খ্ৰীষ্টান আৰু ইছলাম ধৰ্মৰ লোক তথা গো মাংসৰ ব্যৱসায় কৰা লোকসকলৰ ওচৰত হাত জোৰ কৰি ক্ষমা মাগিছো। মই এই বিধেয়কত বাধা দিব নোৱাৰি বিফল হৈছো। অসমৰ সংখ্যালঘু লোকৰ লগত বৃহৎ অন্যায় কৰিলে চৰকাৰে।’

লগতে তেওঁ কয়- ‘হিমন্ত বিশ্ব শৰ্মা সৰ্বকালৰ ভয়ংকৰ মুখ্যমন্ত্ৰী। হিমন্ত বিশ্ব শৰ্মাৰ হাতত সুৰক্ষিত নহয় অসমৰ ৰাইজ, অসমৰ ৰাজনীতি।’

অখিলে কয়- ‘নৰেন্দ্ৰ মোডীৰ গুড বুকত নাম ভৰাব গৈ হিমন্ত বিশ্ব শৰ্মাই মহাত্মা গান্ধীক আকৌ এবাৰ হত্যা কৰিলে। হিমন্ত বিশ্ব শৰ্মা দ্বিতীয় জন নাথুৰাম গদছে।’

বাবৰি মছজিদ ধ্বংসৰ ঘটনাকৈও গো সুৰক্ষা বিধেয়কখন ভয়ংকৰ বুলি মন্তব্য কৰে অখিল গগৈয়ে।

পুনৰ গো সুৰক্ষা বিধেয়কক লৈ সৰৱ শিৱসাগৰৰ বিধায়ক অখিল গগৈ।

বিধানসভাত গো সুৰক্ষা বিধেয়কখন আইনত পৰিণত কৰাত বাধা দিব নোৱাৰাৰ বাবে অসমবাসীৰ ওচৰত ক্ষমা বিচাৰে বিধায়কগৰাকীয়ে।

অখিলে কয়- ‘খ্ৰীষ্টান আৰু ইছলাম ধৰ্মৰ লোক তথা গো মাংসৰ ব্যৱসায় কৰা লোকসকলৰ ওচৰত হাত জোৰ কৰি ক্ষমা মাগিছো। মই এই বিধেয়কত বাধা দিব নোৱাৰি বিফল হৈছো। অসমৰ সংখ্যালঘু লোকৰ লগত বৃহৎ অন্যায় কৰিলে চৰকাৰে।’

লগতে তেওঁ কয়- ‘হিমন্ত বিশ্ব শৰ্মা সৰ্বকালৰ ভয়ংকৰ মুখ্যমন্ত্ৰী। হিমন্ত বিশ্ব শৰ্মাৰ হাতত সুৰক্ষিত নহয় অসমৰ ৰাইজ, অসমৰ ৰাজনীতি।’

অখিলে কয়- ‘নৰেন্দ্ৰ মোডীৰ গুড বুকত নাম ভৰাব গৈ হিমন্ত বিশ্ব শৰ্মাই মহাত্মা গান্ধীক আকৌ এবাৰ হত্যা কৰিলে। হিমন্ত বিশ্ব শৰ্মা দ্বিতীয় জন নাথুৰাম গদছে।’

Leave a Reply

Your email address will not be published. Required fields are marked *