HNLCৰ আত্মসমৰ্পনকাৰী নেতাক এনকাউণ্টাৰক লৈ উত্তপ্ত মেঘায়ক।
মেঘালয়ৰ উগ্ৰপন্থী সংগঠন HNLC ৰ নেতা চেষ্টাৰফিল্ড থাংখিউক আৰক্ষীয়ে এনকাউণ্টাৰ কৰি হত্যা কৰাৰ পিছতে উত্তপ্ত হৈ পৰিছে মেঘালয়।
শুকুৰবাৰে পুৱতি নিশা মেঘালয় আৰক্ষীয়ে নেতাগৰাকীক এনকাউণ্টাৰ কৰি হত্যা কৰিছিল।
শুকুৰবাবে HNLC ৰ নেতা চেষ্টাৰফিল্ড থাংখিউৰ মাউলাইৰ কিনটন মাছাৰত থকা বাসভৱনত আৰক্ষীয়ে তালাচী চলাবলৈ গৈছিল আৰু সেই সময়তে উগ্ৰপন্থী নেতাজনে চুৰীৰে আৰক্ষীক আক্ৰমণ কৰা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছিল।
ইয়াৰ পিছতে আৰক্ষীয়ে এনকাউণ্টাৰ কৰি নেতাজনক হত্যা কৰিছিল।
উক্ত হত্যাৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহে হাজাৰ হাজাৰ লোক।
স্বাধীনতা দিৱসৰ মাজতে ৰাজপথলৈ ওলাই আহি ক’লা পতাকা প্ৰদৰ্শন কৰে বহু লোকে।
ৰাজ্যখনৰ শেহতীয়া হিংসাত্মক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মেঘালয় প্ৰশাসনে শ্বিলঙত ১৫ আগষ্টৰ সন্ধিয়া ৮ বজাৰ পৰা ১৭ আগষ্টৰ পুৱা ৫ বজালৈ সম্পুৰ্ণ কাৰ্ফিউ ঘোষণা কৰিছে।
ইপিনে, ৰাজ্যখনৰ চাৰিখন জিলাত পৰিস্থিতিৰ যাতে অধিক অৱনতি ঘটিব নোৱাৰে তাৰবাবে মোবাইল ইণ্টাৰনেট সেৱা আৰু এছ এম এছ সেৱা ৪৮ ঘণ্টাৰ বাবে বন্ধ কৰি দিছে স্থানীয় প্ৰশাসনে।
শ্বিলঙত কাৰ্ফিউ ঘোষণা কৰাৰ পাছতে অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে টুইট কৰি মেঘালয়ৰ পৰিস্থিত শান্ত নোহাৱা পৰ্যন্ত অসমৰ জনসাধাৰণক শ্বিলং ভ্ৰমণ নকৰিবলৈ আহ্বান জনাইছে।
Curfew has been imposed in Shillong due to Law & Order issues. People from Assam are advised not to travel to Shillong till curfew continues. @assampolice @mygovassam @GuwahatiPol @GhtyTrafficPol @DGPAssamPolice pic.twitter.com/j6lVn1Kd1k
— GP Singh (@gpsinghips) August 15, 2021









