অসমীয়াৰাষ্ট্ৰীয়

গেৰুৱা হ’ব হাৰ্দিক পেটেল! ২ জুনত বিজেপিত যোগ দিব সদ্য পদত্যাগী কংগ্ৰেছ নেতাগৰাকীয়ে

নিউজ ডেস্কঃ সদ্য পদত্যাগী গুজৰাটৰ কংগ্ৰেছ নেতা হাৰ্দিক পেটেলে যোগ দিব বিজেপিত। গুজৰাট বিধানসভা নিৰ্বাচনৰ পূৰ্বে পাটিদাৰ নেতাগৰাকীয়ে বিজেপিত যোগ দিয়াৰ যো-জা চলাইছে।

খবৰ অনুসৰি, অহা ২ জুনত হাৰ্দিক পেটেলে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিব।

উল্লেখ্য যে, কিছুদিন পূৰ্বে কংগ্ৰেছৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰি দলত্যাগ কৰিছিল হাৰ্দিক পেটেলে। বিশেষকৈ হিন্দু ধৰ্ম আৰু ভগৱান ৰামক লৈ কংগ্ৰেছে অপমানজনক মন্তব্য কৰি অহাৰ অভিযোগ তুলিছিল হাৰ্দিক পেটেলে।

image 196

এটা টুইটত কংগ্ৰেছক সমালোচনা কৰি হাৰ্দিকে লিখে, ”মই আগতেও কৈছিলোঁ যে কংগ্ৰেছ দলে জনসাধাৰণৰ আৱেগক আঘাত দিবলৈ কাম কৰে, সদায় হিন্দু ধৰ্মৰ বিশ্বাসক ক্ষতি কৰিবলৈ চেষ্টা কৰে।’’

১৯ মে’ত কংগ্ৰেছৰ পৰা পদত্যাগ কৰা হাৰ্দিক পেটেলে এতিয়া বিজেপিত যোগদানৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তই গুজৰাট কংগ্ৰেছত মোক্ষম আঘাত হানিছে বুলি মন্তব্য কৰিছে একাংশ ৰাজনৈতিক সমালোচকে।

Leave a Reply

Your email address will not be published. Required fields are marked *